Spread the love

আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু হৈছে উঠিছে সমূহ থিয়েটাৰ গোষ্ঠীসমূহ। নাটকসমূহৰ বাবে অপেক্ষাৰত এনে বহু দৰ্শক আছে যিয়ে নিজৰ প্ৰিয় নাটকখন চোৱাৰ হেতু একেটা বহাতে প্ৰতিটো দৰ্শনী উপভোগ কৰি আহে। শেহতীয়াকৈ, এখন নাটকে জনসমাজত বহুলভাৱে চৰ্চা লাভ কৰিছে। সেইখন হৈছে “থিয়েটাৰ সূৰ্য্য” ৰ “কাৰাগাৰত কলিজা”। ট্ৰেজেদী কিং মৃদুল ভূঞাক আপোনালোকে নিশ্চয় চিনি পাইছে? বৰ্তমানলৈকে তেখেতে নিৰলসভাৱে ডেৰ কুৰিৰো অধিক কাল ভ্ৰাম্যমাণত অভিনয় কৰি দৰ্শকক নিজৰ অনুৰাগী কৰি তুলিছে। এখন নাটকত বিশেষকৈ তেওঁক চাবলৈয়ে জনসাধাৰণৰ ভিৰ লাগে।

এইবাৰ “থিয়েটাৰ সূৰ্য্য” ৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা যাব অভিনেতাগৰাকীক। এই থিয়েটাৰ গোষ্ঠীটোৰ অন্যতম নাট “কাৰাগাৰত কলিজা” ক লৈ বহু দৰ্শক অপেক্ষাৰত। এগৰাকী বৃদ্ধ পিতৃৰ পৰলোকপ্ৰাপ্তিৰ পিছত এজন পুত্ৰৰ হোৱা মনস্তাত্বিক অৱস্থাৰ লগতে তেওঁৰ প্ৰেমৰ কাহিনীক লৈ নিৰ্মাণ হোৱা এই নাটকৰ কাহিনীভাগে মঞ্চস্থ হোৱাৰ পূৰ্বেই দৰ্শকক টানিছে। গীতসমূহেও জনসাধাৰণৰ পৰা লাভ কৰিছে সঁহাৰি। “কাৰাগাৰত কলিতা” ত অভিনেতাগৰাকীয়ে “দয়া” নামৰ চৰিত্ৰটোত অভিনয় কৰিছে। মৃদুল ভূঞাৰ “দয়া” নামৰ এই চৰিত্ৰটো তেওঁৰ নাট্য জীৱনৰ শ্ৰেষ্ঠ চৰিত্ৰ হ’ব বুলি ইতিমধ্যে বহুতেই মন্তব্য কৰিছে।

উক্ত থিয়েটাৰ গোষ্ঠীটোৰ এইবাৰৰ নাটক কেইখন হৈছে ক্ৰমে প্ৰশান্ত মেনাৰ “কাৰাগাৰত কলিজা” অভিজিত ভট্টাচাৰ্যৰ দুখন নাটক ক্ৰমে “মোৰ কেঁচুৱাই কান্দিছে” আৰু “ফুলশয্যাত জুই”। নাটসমূহত মৃদুল ভূঞাৰ লগতে অভিনয় কৰিছে ক্ৰমে পল্লৱী ফুকন, নৱজ্যোতি কাশ্যপ, মৌচুমী লস্কৰ, গৌৰাংগ শৰ্মা (আলু), জয়ন্ত শৰ্মা, ৰাতুল ভূঞা, দীপাংকৰ তালুকদাৰ, অমৰেন্দ্ৰ অলম্যান, ভৈৰৱ জ্যোতি ভূঞাৰ লগতে আন বহুতো কলা-কুশলীয়ে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *