অভিনয়বোৰ কিমান সাৱলীল হ’লে চৰিত্ৰবোৰ আমাৰ মনে-প্ৰাণে শিঁপাই যায় বাৰু? আচলতে, এই প্ৰশ্নৰ উত্তৰ আপুনি পাব যুৱপ্ৰজন্মৰ তাত। আমি বহুত গধুৰ কথালৈ নাযাও বাৰু, কিন্তু এটা কথা ঠিক যে নিজক পূৰ্বতকৈ গ্ৰহণযোগ্য কৰি তুলিবলৈ তেওঁলোকে কৰা প্ৰয়াসৰ মানদণ্ড আগৰ তুলনাত উৰ্দ্ধত। শেহতীয়াকৈ “চিনেগল্প” ৰ দ্বিতীয়টো গল্প “প্ৰাপ্তি” মুক্তি লাভ কৰিছিল Mind Garage নামৰ ইউটিউব চেনেলটোত।
গোটেই গল্পটোৰ পাঠ কৰিছে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে। প্ৰেম, বিবাহ, অভিমান, অভিযোগ ইত্যাদিকে সামৰি জীৱনৰ আন কেতবোৰ সংগ্ৰামক লৈ ৰচিত গল্পভাগৰ বৰ সুন্দৰ চিনেৰূপ এটাক দেখিবলৈ পাই উৎসাহিত হৈছে দৰ্শকসকলো। পৰিচালনা আৰু পৰিকল্পনাৰ দিশত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰা হিমাংশু প্ৰসাদ দাসৰ কথানো আৰু নো ক’ম কি! তেওঁৰ এনে পৰিকল্পনাই দৰ্শকক মোহাচ্ছন্ন কৰাত কেতিয়াও ফালৰি কাটি নাযায়। চিনেৰূপটিত অভিনয় কৰিছে ক্ৰমে গীতাৰ্থ শৰ্মা, স্বাগতা ভৰালী, নন্দিতা ডেকা আৰু ঈশান মিৰ্জাই। তেওঁলোকেও যেন অভিনয়ত ক’তো ক্ৰুটি এৰিব বিচৰা নাই। আগতেও জনাইছিলোঁ, শেষ হৈও শেষ নোহোৱা এই চুটিগল্প। আপোনাক ভাবিবলৈ অৱকাশ প্ৰদান কৰিব।
আপোনালোকে উপভোগ কৰিলেনে “প্ৰাপ্তি?”…