এখন ছবিয়ে কেতিয়া অধিক আকৰ্ষণ কৰে জানেনে? যেতিয়া ছবিখনৰ সৈতে জড়িত শিল্পী অথবা কলা-কুশলীৰ নাম জানিব পৰা যায়। আমাৰ অসমীয়া ছবি জগতখনলৈ শেহতীয়াকৈ বহু নতুন খবৰ আহিছে, ইটোৰ-পিছত সিটোকৈ আমাৰ এই ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্নজনে আমালৈ নতুন নতুন প্ৰকল্পৰ বাৰ্তা পঠিয়াইছে। সঁচা কথা ক’বলৈ গ’লে, এই আটাইবোৰেই আমাক উৎসাহিত কৰিছে। অলপতে পোৱা নতুন খবৰ অনুসৰি আহি আছে এখন নতুন অসমীয়া ছবি। নাম- বাংলো (১১)। এখন ৰসাল ভৌতিক চিনেমা। মানে ধৰক ছবিখনে আপোনাক যিমান ভয় খুৱাব, সিমানেই হহুঁৱাব। অৰ্থাৎ ফুল পেকেজ হৈছে “বাংলা (১১)”।
কাহিনী আৰু পৰিচালনা ত্ৰিদিব লাহনৰ। আপুনি ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলৰ নাম শুনিলে হতবাক নোহোৱাকৈ হয়টো নাথাকিব। ছবিখনত অভিনয় কৰিব ক্ৰমে যতীন বৰা, মলয়া গোস্বামী, কল্পনা কলিতা, দীক্ষু শর্মা, সিদ্ধার্থ শৰ্মা, অৰুণ হাজৰিকা, বিভূতি ভূষণ হাজৰিকা, দীপজ্যোতি কেওঁট, শ্রেয়া বৰঠাকুৰ, সিদ্ধার্থ মুখাৰ্জী, পদ্মৰাগ গোস্বামী, ৰাজীৱ দুৱৰী আৰু মানস শৰ্মাই। দেখিলে নহয় এয়া ষ্টাৰ-কাষ্ট? হয়নে নাই বাৰু আচৰিত কৰিবলগীয়া নাম কেইটা। আনহাতে, ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে তাৰিণী কমল বড়া, দেৱব্ৰত দত্ত আৰু দিব্যজ্যোতি বৰঠাকুৰ। চিত্ৰগ্ৰহণ কৰিছে জ্ঞান গৌতমে আৰু সংগীত বিজয় শংকৰৰ। কৰিঅ’গ্ৰাফাৰ হৈছে দীপক দে আৰু অসীম গগৈ। ৰূপসজ্জা বিজিয়েতা পাটগিৰি আৰু সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ।
অহা ৯ অক্টোবৰ তাৰিখৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব। আমি অপেক্ষাৰত। লগতে আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা।