“কামচৰাই” ৰ জৰিয়তে বহু বিবাহিতাক কৰালে স্মৃতি ৰোমন্থন-
“অচিনা হ’লেও পাম ঘৰ এখনি
শোণিত গগৈ আৰু দীপলিনা ডেকাৰ যুটিটো সাংগীতিকভাৱে কিমান মধুৰ হ’ব পাৰে সেয়া আমি তেওঁলোকৰ পূৰ্বৰ “নোৱাৰি নোৱাৰি” শীৰ্ষক গীতটোৰ পৰাই হৃদয়ংগম কৰিব পাৰিছিলোঁ। শেহতীয়াকৈ তেওঁলোকৰ যুটিটোৰে মুক্তি লাভ কৰিছে আন এটি নতুন গীত “কাম চৰাই”। বিয়া নামৰ সৈতে অলপ ৰোমাণ্টিক গীতৰ মিশ্ৰণ ঢালি দিয়া হৈছে “কাম চৰাই” ত।
গীতটোৰ সুৰ-সংগীত শোণিত গগৈৰ আৰু সংগীত কায়ানৰ। গীতাৰ বজাইছে ত্ৰিয়ন মহন্তই আৰু বাঁহীত সুৰ তুলিছে অঞ্জন মেধিয়ে। সহকাৰী সুৰকাৰ ৰাঘদ্বীপ চেতিয়া তথা শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।
গীতটোৱে দীপলিনাৰ অনুৰাগীলৈ পুনৰ বাৰ নতুন সোৱাদ কঢ়িয়াই আনিছে। বহু বিবাহিত মহিলাই কমেণ্ট বক্সত জনাইছে যে “কামচৰাই” য়ে তেওঁলোকক নিজৰ বিবাহৰ সময়খিনি তথা মাতৃ-পিতৃৰ ঘৰখনলৈ উভতাই নিছে।