Spread the love

সংগীত এনে এটা বস্তু যিটো আমাৰ জীৱনত কেনেদৰে সোমাই পৰে আমি ধৰিবই নোৱাৰো। সৰুতে আমাক নিচুকাবলৈ ব্যৱহাৰ কৰা “আমাৰে মইনা শুব এ” ৰ পৰাই হয়টো সংগীতৰ সৈতে আমাৰ একাত্মতাবোধৰ যাত্ৰা আৰম্ভ হৈছিল। সুখৰ সময়ত

আনন্দকণ অধিক বৃদ্ধি কৰিবলৈ সংগীত শুনা যায় ঠিক তেনেদৰে সংগীতে সহায় কৰে নিসংগতাক ফালি আশাৰ জিলিকনি আমাৰ জীৱনলৈ কঢ়িয়াই আনিবলৈও। সংগীতে আমাৰ মন-প্ৰাণ ধুই পখালি আকৌ এবাৰ নতুনকৈ জীয়াই তোলাত সহায় কৰে । সংগীত সকলোৰে বাবে, শ্ৰেণী বিভাজন ইয়াত কৰা নহয়। প্ৰতিগৰাকী ব্যক্তিৰ কাষ চাপিব পৰা এটা বস্তু হৈছে সংগীত।

এই সংগীত সাধনাৰ জৰিয়তে ব্যতিক্ৰমী প্ৰয়াসত ব্যস্ত হৈ পৰা এগৰাকী কণ্ঠশিল্পী হৈছে অভিশ্ৰুতি বেজবৰুৱা। উৎকৃষ্ট সুৰ, নিখুঁত উচ্চাৰণ আৰু সুন্দৰ প্ৰকাশ ভংগীয়ে তেখেতৰ গীতসমূহ অধিক গ্ৰহণযোগ্য কৰি তোলে। বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কণ্ঠশিল্পীগৰাকীয়ে চলিত বৰ্ষৰ ৰঙালী বিহুত তেওঁৰ নিজা বিহু এটিক “Sign Language” ত প্ৰস্তুত কৰি উলিয়াইছিল। এইবাৰ তেওঁ এখন সাংগীতিক চিৰিজ মুকলি কৰিব । নাম- “Music In Sign Language”। এই বিশেষ ভাৱে সক্ষম লোকসকলৰ বাবে কণ্ঠশিল্পীগৰাকীয়ে নিজৰ কেইবাটাও গীতক Sign Language ত মুকলি কৰি দিব। তেখেতে ইতিমধ্যে গীতকেইটাৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ কাম প্ৰায় সমাপ্ত কৰিছে। কাদম্বৰী ক্ৰিয়েচনৰ ষ্টুডিঅ’ত কণ্ঠশিল্পীগৰাকীৰ নিজা প্ৰডাকচন হাউচৰ বেনাৰত এই গীতসমূহৰ ভিডিঅ’ কেইটি প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াৰোপৰি, অভিশ্ৰুতি বেজবৰুৱাই চাহ জনগোষ্ঠীৰ বাবেও এটি ঝুমুৰ মুক্তি দিব, যিটোৰ ভিডিঅ’ শ্বুটিং অহা অক্টোবৰ মাহত ৰূপায়ণ কৰা হ’ব।

অভিশ্ৰুতিৰ এই ব্যতিক্ৰমী আৰু নতুন প্ৰয়াসে অসমীয়া সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা আশাবাদী।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *