আমাৰ অসমীয়া চলচিত্ৰ উদ্যোগটোৰ উত্থানৰ খবৰ আমি আপোনালোকক দি থকাৰ মাজতেই আহিছে আন এটি খবৰ। কাইলৈ অৰ্থাৎ ৬ অক্টোবৰ তাৰিখে দুখনকৈ অসমীয়া ছবি ক্ৰমে “এটি নক্ষত্ৰ” আৰু “মমতাৰ চিঠি” য়ে মুক্তি লাভ কৰিব। ৰুদ্ৰজিৎ মজুমদাৰৰ পৰিচালনাৰে নিৰ্মিত “এটি নক্ষত্ৰ” শীৰ্ষক ছবিখন সমাজত ঘটি থকা ঘটনা-পৰিঘটনাসমূহক লৈ নিৰ্মাণ কৰা হৈছে। সমাজত নঘটিবলগীয়া কাহিনীক চাচপেন্স চিকুৱেন্সেৰে সঁজাই “এটি নক্ষত্ৰ” ৰ কাহিনীভাগ উপস্থাপন কৰা হৈছে। আনহাতে, “মমতাৰ চিঠি” ছবিখনৰ পৰিচালনা নিৰ্মল দাসৰ। হেম বৰুৱা দেৱৰ কালজয়ী কবিতা “মমতাৰ চিঠি” খনৰ চিত্ৰৰূপেই হৈছে এই ছবিখন।
সঁচা অৰ্থত ক’বলৈ গ’লে, উক্ত দুয়োখন ছবিৰেই বিষয়বস্তু ব্যতিক্ৰম আৰু গ্ৰহণযোগ্য। তৎস্বত্বেও শেহতীয়াকৈ দুয়োখন ছবিক একেদিনাই মুকলি কৰি দিয়াক লৈ কিছু প্ৰশ্নৰ উদ্বেগ হৈছে। আমি অসমীয়া ছবিৰ উত্তৰণৰ বিষয়ে বাৰম্বাৰ কৈ থাকিলেও এটা কথা সঁচা যে আমাৰ অসমীয়া ছবি চাবলৈ অহা দৰ্শকৰ সংখ্যা আনবোৰতকৈ কিছু তাকৰ, এনেক্ষত্ৰত দুয়োখন ছবিকেই একেদিনাই মুক্তি দিয়াৰ সিদ্ধান্ত কিয় লোৱা হ’ল! আনহাতে, ছবি দুখনৰ প্ৰচাৰৰ ক্ষেত্ৰতো নিৰ্মাতা গোষ্ঠীয়ে বিশেষ একো নকৰাৰ বাবেও দৰ্শকে সামাজিক মাধ্যমত প্ৰশ্ন কৰে। কোনো কোনোৱে কোৱা মতে, তেওঁলোকে হেনো ছবি দুখনৰ মুক্তিৰ খবৰ এতিয়ালৈকে পোৱাই নাছিল। গতিকে, এই সকলো বোৰ দিশ সামৰি ছবি দুখনৰ সফলতা কেনেধৰণৰ হ’ব সেয়া এতিয়া লক্ষ্যণীয় হ’ব। নিৰ্মাতা গোষ্ঠী সঁচাকৈ ক’ৰবাত পিছপৰি ৰ’ল নেকি? কিন্তু আমি আপোনালোকক জনাও যে উক্ত দুয়োখন ছবিতেই বহু অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰ সংযোজন ঘটিছে, তথাপিও প্ৰচাৰ বিমুখ কিয়?
এতিয়া আমি আপোনালোকক সুধিছোঁ, আপোনালোক যাবনে “এটি নক্ষত্ৰ” অথবা “মমতাৰ চিঠি” চাবলৈ? কোনখন চাব প্ৰথমতে?