Spread the love

আগন্তুক বিগ বাজেটৰ অসমীয়া ছবি “বীৰাঙ্গনা সাধনী” ৰ প্ৰসংগই সৰ্বত্ৰে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । আমি ইতিমধ্যে ছবিখনৰ কেইবাটাও চৰিত্ৰৰ আঁৰৰ অভিনেতা কেইগৰাকীক আপোনালোকৰ মাজলৈ উলিয়াই আনিছোঁ । এইবাৰ জনাবলৈ বিচাৰিছোঁ, “বীৰাঙ্গনা সাধনী” ত কোন হ’ব “কনচেং বৰপাত্ৰগোহাঁই”?

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, পোনপ্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাত যোগদান কৰিছে ভূটানৰ এগৰাকী জনপ্ৰিয় অভিনেতা লেম ছেঞ্চুয়ে । আহোম সাম্ৰাজ্যৰ প্ৰতিভাসম্পন্ন বীৰ গৰাকীৰ চৰিত্ৰটোক জীৱন্ত ৰূপত উপস্থাপন কৰিবলৈ “লেম ছেঞ্চু” ক নিৰ্বাচন কৰা হৈছে । তেখেতৰ অভিনয়ে অসমীয়া দৰ্শকক আকৰ্ষিত কৰিব বুলি আমাৰ দৃঢ়বিশ্বাস । উল্লেখ্য যে, অভিনেতাগৰাকীয়ে ইতিমধ্যে গুৱাহাটীত অসমীয়া ভাষা আৰু ফাইটিঙৰ অনুশীলন আৰম্ভ কৰিছে ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *