ডাঙৰ পৰ্দাৰ ছবি নহ’লেও বৰ্তমান ইখনৰ পিছত সিখন চুটি ছবিৰ মুক্তিৰ দ্বাৰা দৰ্শকক আমোদ প্ৰদান তথা আকৰ্ষিত কৰি ৰাখিছে নৱপ্ৰজন্মই। ২-৩ ঘণ্টীয়া নহয়, প্ৰায় ২-৫ অথবা ১ মিনিটৰ একোটা সুন্দৰ বিষয়বস্তুক উপস্থাপন কৰি নিৰ্মিত এই চুটি ছবিসমূহে ইতিমধ্যে বহুল হাৰত লাভ কৰিছে জনসাধাৰণৰো প্ৰশংসা। আচলতে নেটফ্লিক্স, এমেজন প্ৰাইম টাইম, হটষ্টাৰ আদি এপ সমূহত উপলদ্ধ বিভিন্ন হিন্দী ৱেব চিৰিজ উপভোগ কৰাৰ সমান্তৰালকৈ অসমীয়া যুৱপ্ৰজন্মৰ প্ৰতিভা সমূহ চাবলৈ পাই সুখীও হৈ পৰিছে একাংশ দৰ্শক। বিগত বৰ্ষকেইটাত কেইবাখনো চুটি ছবিৰ বিষয়ে আপোনালোকে Jollywood Now ৰ জৰিয়তে পঢ়িবলৈ অথবা জানিবলৈ পাইছে। আকৌ এবাৰ, আপোনালোকৰ মাজলৈ আনিছো আন এখন চুটি “ Meet Me Yesterday ”। শেহতীয়াকৈ এই চুটি ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তি লাভ কৰিছিল আৰু মুক্তি লাভ কৰা মাত্ৰকে ট্ৰেইলাৰটোৱে যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।
Dopamine Entertainment ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ কাহিনী দুগৰাকী প্ৰেমাস্পদক লৈ লিখা হৈছে। দ্বীপ আৰু জিউ- যি দুগৰাকী বিভিন্ন পৰিস্থিতিৰ কবলত পৰি ইজনে আনজনৰ পৰা কিছু দূৰত থাকিবলগীয়া হয়। কিন্তু তাৰ পিছতো তেওঁলোকৰ মাজত কেনেদৰে প্ৰেম আৰু আদৰ ব্ৰতী থাকে সেই আটাইবোৰকে লৈ নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন। অভিনয় কৰিছে বেদব্ৰত বৰা আৰু মৈত্ৰী দাসে। অভিনয় ক্ষেত্ৰখনত দুয়োগৰাকীৰ অভিনয়ে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰি আহিছে ৰাইজৰ মাজত।
চুটি ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ দায়িত্বত আছে অংশুমান গগৈ। এই চুটি ছবিখনৰ প্ৰযোজনা কৰিছে বিপ্লৱ বৰা আৰু মৃদুল পাটৰে। আনহাতে, সহঃ প্ৰযোজনা ধৃতিৰাজ মহনৰ।