সুবাসনা দত্তৰ “এহেজাৰ সপোন”, আহি আছে এটি হৃদয়স্পৰ্শী নিঁভাজ কাহিনীৰে-
অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছুমান যুটি প্ৰতিগৰাকী দৰ্শকৰ প্ৰিয়। তেওঁলোকক একেলগে চাবলৈ প্ৰতিদিনেই উৎসাহিত হৈ থাকে দৰ্শক সকল। কিছুদিন পূৰ্বে আমি উদয়ন দুৱৰা আৰু অমৃতা গগৈক হস্পিতালৰ বিচনাত শুই থকা ইত্যাদি ফটোসমূহ ভাইৰেল হোৱা দেখিবলৈ পাইছিলোঁ, সেয়া আছিল এটা গীতৰ ভিডিঅ’ শ্বুটিঙৰ ক্লিপ। গীতটো আহি আছে আপোনালোকৰ মাজলৈ অতিশীঘ্ৰে, য’ত কণ্ঠদান কৰিছে সুবাসনাই দত্তই। গীতটোৰ নাম- “এহেজাৰ সপোন”। অসমীয়া সংগীত ক্ষেত্ৰখনৰ শীৰ্ষত থকা এগৰাকী কণ্ঠশিল্পী সুবাসনা দত্তৰ প্ৰতিটো গীত জনপ্ৰিয়, তেওঁৰ অনুৰাগীৰ লিষ্টখন যথেষ্ট দীঘলীয়া হোৱাৰ বাবে হয়টো কণ্ঠশিল্পীগৰাকীৰ প্ৰতিটো গীতেই সমাদৃত।
আহিবলগীয়া উক্ত গীতটো লিখাৰ লগতে সুৰ কৰিছে বৰষা বৰাই। সংগীত কৰিছে পলাশ গগৈয়ে। আনহাতে, গীতটোৰ শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। সমান্তৰালকৈ, গীতটোৰ ভিডিঅ’ পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। যুৱ পৰিচালক সকলৰ ভিতৰত অন্যতম প্ৰণৱ ভৰালীৰ যিসমূহ প্ৰকল্প আমি উপভোগ কৰিছোঁ সেই আটাইবোৰতেই আমি নতুনত্বৰ অনুভৱ কৰিছোঁ। হয়নে নাই বাৰু? গীতটোৰ সহকাৰী পৰিচালনা অনামিকা শৰণীয়া আৰু বিবেক বৰুৱাৰ, দৃশ্যগ্ৰহণ কৰিছে পৃথ্বীৰাজ দত্তই। সুবাসনা দত্তৰ সুকোমল কণ্ঠৰ লগতে “এহেজাৰ সপোন” ত আপুনি উপভোগ কৰিবলৈ পাৰিব এটি হৃদয়স্পৰ্শী নিঁভাজ কাহিনী।
আমি গীতটোৰ বাবে অপেক্ষাৰত। আকৌ এবাৰ স্ক্ৰীণত অমৃতা গগৈ আৰু উদয়ন দুৱৰাৰ যুগলবন্দীক চাবলৈ আমি উৎসাহিত। গীতটোৰ সৈতে জড়িত আটাইকে আমি “Jollywood Now” ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।