এগৰাকী এনে অভিনেতা, যাৰ জীৱন্ত অভিনয়ৰ চৰ্চা প্ৰতিটো প্ৰজন্মই কৰে। এগৰাকী চিৰসেউজ অভিনেতা, যাৰ বাবে প্ৰতিটো চৰিত্ৰ নতুন হ’লেও তাৰ লগত খাপ খাব পৰাকৈ আছিল প্ৰতিভা। কেইবা দশক জুৰি অসমীয়া অভিনয় ক্ষেত্ৰখন সামৰি ৰখা বিজু ফুকন অবিহনে এই সাংস্কৃতিক ক্ষেত্ৰখন কোনোদিনেই পূৰ্ণ হ’ব নোৱাৰে। অভিনেতা গৰাকীৰ পৰলোকপ্ৰাপ্তিৰ আজি ৬ টা বছৰ অতিক্ৰম হ’ল, কিন্তু তেখেত আজিও প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা দৰ্শকৰ হৃদয়ত সজীৱ হৈ আছে।
বিজু ফুকন দেৱৰ আজি পুণ্যতিথিত তেখেতক Jollywood Now ৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
ড° বেজবৰুৱা ছবিখনত তেখেতে এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল তেখেতৰ সাংস্কৃতিক যাত্ৰা, এই যাত্ৰাত তেখেতৰ জীৱনৰ সৈতে জড়িত হৈছিল ইখনৰ পিছত সিখন অসমীয়া ছবি, ভ্ৰাম্যমাণৰ উপৰিও বাংলা ছবি কেইবাখনো। “বোৱাৰী”, “বৰুৱাৰ সংসাৰ”, “অপৰূপা”, বাৰুদ ইত্যাদি ছবিবোৰ উপভোগ নাই কৰা বুলি কোৱা ব্যক্তি নোলাবই হয়টো। বিজু ফুকন দেৱৰ অভিনয়ৰ মেটমৰা সম্ভাৰ লৈয়ে আমি জাতিষ্কাৰ…