Spread the love



অসমীয়া ছবি উদ্যোগটোত শেহতীয়াকৈ প্ৰতিটো বিষয়বস্তুৰ ছবিয়ে মুক্তি লাভ কৰিছে। সেয়া লাগিলে, কমেডিয়েই হওক অথবা থ্ৰীলাৰ, একচন, ৰোমাণ্টিক তথা ইতিহাসৰ কিছু অধ্যায়ক সামৰিয়েই হওক। অসমীয়া দৰ্শকসকলক প্ৰতিটো বিষয়ৰ সোৱাদ দিয়াৰ ক্ষেত্ৰত এতিয়া অহৰহ চেষ্টা চলিছে অসমীয়া চলচিত্ৰ উদ্যোগটোৰ সৈতে জড়িত আমাৰ কলা-কুশলীসকলৰ। এটা শাৰীত সম্প্ৰতি আহিবলগীয়া ছবি সমূহে ইখনৰ পিছত সিখনে দীঘলীয়াকৈ থিয় দিছে, লগতে ছ’চিয়েল মিডিয়াত পোৱা আপডেটসমূহে ৰাইজক উৎসাহিত কৰিছে।

অলপতে ছ’চিয়েল মিডিয়াত এখন নতুন ছবিৰ খবৰ ওলাইছিল। ছবিখনৰ নাম ‘Finding Maini” অৰ্থাৎ “ফাইডিং মাইনি”। এখন হাস্যৰসিক ছবি, য’ত অভিনয় কৰিব দীপাংকৰ কলিতা, বনী দেউৰীৰ লগতে অতনু মহন্ত, দৰথী ভৰদ্বাজ, সাগৰিকা গোস্বামী, নন্দিনী দাস আৰু শশাংক দাসে। পৰিচালনাৰ দায়িত্ব লৈছে বিজন ব্ৰহ্মাই। এখন পষ্টাৰৰ জৰিয়তে ছবিখনৰ বিষয়ে জনাইছে নিৰ্মাতা গোষ্ঠীয়ে।

২০২৪ চনত মুক্তিপাবলগীয়া এই ছবিখনৰ প্ৰথমটো ঘোষণাতেই দৰ্শকসকলৰ আকৰ্ষণ পৰিলক্ষিত হৈছে। সঁচাকৈ, এখন বহু প্ৰত্যাশিত ছবি হ’ব “Finding Maini”।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *