Spread the love

“papa ki pari” ৰ বিষয়ে গম পালেনে আপোনালোকে?

সদ্যমুক্তিপ্ৰাপ্ত ৩৪ মিনিট দৈৰ্ঘ্যৰ এখন চুটি ছবিৰ কাহিনীভাগত আজি বহুসংখ্যক দৰ্শকে সমাজৰ নেতিবাচক চিন্তাধাৰণা তথা উঠি অহা প্ৰজন্মই সচৰাচৰ কৰা কিছু ভুলৰ প্ৰতিফলন সুন্দৰ ৰূপত দেখিবলৈ পোৱা বুলি মন্তব্য কৰে। চুটি ছবিখনৰ নাম “papa ki pari”। চুটি ছবিখনৰ বিষয়বস্তুটোৱে সত্যৰ উদঘাটন কৰিছে। ইউটিউবত আপুনি সহজতেই উপভোগ কৰিব পাৰিব চুটি ছবিখন।

বিপ্লৱ বৰা, মৃদুল পাটৰ আৰু ধৃতিৰাজ মহনৰ প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত এই চুটি ছবিখন লিখিছে তথা পৰিচালনা কৰিছে জ্ঞান গৌতমে। সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। ইয়াত অভিনীত অৰুণ নাথকে আদি কৰি মধুস্মিতা দিহিঙীয়া, উজ্জ্বল কুমাৰ, কিঞ্জল কুমাৰ বসুমতাৰী, প্ৰতীতি ভূষাণা, কৰিশ্মা পূজাৰী আৰু আকাংক্ষা মন্ত্ৰী ইত্যাদি প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কাহিনীভাগক অধিক জীৱন্ত কৰি তোলাত সক্ষম হৈছে। মুখ্য সহকাৰী পৰিচালক হিচাবে আছে চিন্ময় দত্ত আনহাতে সহকাৰী পৰিচালনা নমী হুচেইন আৰু ৰাণা মেধিৰ।

“Papa ki pari” ৰ যাত্ৰা, সংঘাত, বিষাদ আৰু বিদ্বেষৰ কাহিনীভাগ চালেনে আপোনালোকে?


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *