মাজত মাত্ৰ কেইটামান দিন, মুক্তিৰ বাবে সাজু প্ৰেমৰ এটি জীয়া কাহিনী “ইতি তোমাৰ” –
মাজত মাত্ৰ কেইটামান দিন বাকী। আকৌ এখন নতুন অসমীয়া ছবি “ইতি তোমাৰ” মুক্তি লাভ কৰিব অহা শুক্ৰবাৰ, ২৯ মাৰ্চ তাৰিখে। “নীলাকণ্ঠ” ৰ এটি জীয়া প্ৰেম কাহিনীক লৈ নিৰ্মিত এই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা পাৰৱেজ আহমেদৰ। ছবিখনৰ বৰ্তমানলৈকে মুক্তিপ্ৰাপ্ত গীত তথা টিজাৰে ইতিমধ্যে যথেষ্ট দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। সমাজৰ তথাকথিত কিছু নীতি-নিয়মৰ বশৱৰ্তী হৈ কেতিয়াবা “প্ৰেম” ৰ মৃত্যু হয়। এনে এক কাহিনীকে লৈ নিৰ্মাণ কৰা হৈছে “ইতি তোমাৰ”।
ৰে’ড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত ছবিখন অহা শুক্ৰবাৰে অসমৰ ৪০ টা ছবিগৃহত মুক্তি লাভ কৰিব। ইয়াত অভিনয় কৰিছে ক্ৰমে অৰুণ নাথ, লিপিকা বৰা মেধি, ডাঃ অনুপম কৌশিক বৰা, দৰথী ভৰদ্বাজ, হৰ্ষদ ডি কাশ্যপ, বৰেণ্যা বৰা, ডঃ আকাশীতৰা, নৰ্মদা দাস, ডঃ জয়ন্ত দাস, অসীম শৰ্মা, পাৰ্থপ্ৰতিম বৰা, ৰবীন কলিতা, কৌশিক নাথ, সোণমণি শৰ্মা, প্ৰশান্ত চৌধুৰী, নন্দিনী বৰুৱা, প্ৰাঞ্জল দাস আৰু অৰূপ কোঁৱৰে। অতিথি শিল্পী হিচাবে থাকিব মলয়া গোস্বামী আৰু মনীষা হাজৰিকা।
সম্পাদনাৰে ধ্ৰুৱজিৎ কলিতাৰ, সংগীতৰ দায়িত্বত আছে হীৰকজ্যোতি নাথ আৰু যুতিমালা বুঢ়াগোঁহাই। কলা নিৰ্দেশনা জ্যোতি শংকৰ ভট্টাচাৰ্যৰ। আনহাতে, কাৰ্যবাহী প্ৰযোজনা অনুপম হাজৰিকাৰ।