১৯৯০ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰি অসমলৈ ঘূৰি অহা এই অভিনেতা গৰাকীয়ে “ছিগাল” নামেৰে নাট্য অনুষ্ঠানৰ জন্ম দি বিগত ৩০ টাতকৈ অধিক বছৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ দিশত নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে। “ছিগাল” বুলি কোৱাৰ লগে লগে হয়টো আপোনালোকে তেওঁৰ নামটো ধৰিব পাৰিছে নিশ্চয়। হয়, তেওঁ হৈছে অভিনেতা বাহাৰুল ইছলাম।
১৯৭৮- ৭৯ চনত তেখেত যেতিয়া অষ্টম অথবা নৱম মান শ্ৰেণীত পঢ়ি আছিল তেতিয়াই তেখেতে ক্ষীৰোদ চৌধুৰীৰ পৰিচালনাৰে নাট “পানীমলাৰ বিয়া” ত এটি চৰিত্ৰ ৰূপায়ণ কৰিছিল। এইখন আছিল তেওঁৰ জীৱনৰ প্ৰথমখন নাট। সেই যে অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল তেতিয়াৰে পৰা হয়টো বাহাৰুল ইছলামে অভিনয় জগতখনত পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। বৰ্তমান সময়ত বাহাৰুল ইছলাম এটা জনপ্ৰিয় নাম, সেয়া কেৱল অসম বুলি নহয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো। হিন্দী অৰ্থাৎ বলীউড জগতখনত শেহতীয়াকৈ তেখেতে যিমানখিনি কাম কৰিছে তাৰ বাবে তেখেতে যথেষ্ট প্ৰশংসা তথা সমাদৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। “Chhappak”, “83” ইত্যাদি হিন্দী ছবিত আমি কিছু অংশত অভিনেতা গৰাকীক দেখিছিলোঁ যদিও এইবাৰ সদ্যমুক্তিপ্ৰাপ্ত “Maidan” ত বাহাৰুল ইছলামৰ চৰিত্ৰটোৱে সমগ্ৰ অসমবাসী ৰাইজক উৎসাহিত আৰু আনন্দিত কৰি তুলিলে।
বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণ মুখ্য চৰিত্ৰত অভিনীত এই ছবিখনত “President of Indian Football Council” ৰ চৰিত্ৰ ৰূপায়ণ কৰা বাহাৰুল ইছলামৰ চৰিত্ৰ ৰূপায়ণত পাৰদৰ্শিতাত আচলতে মুগ্ধ হৈ ৰ’ল প্ৰতিগৰাকী দৰ্শক। আগন্তুক সময়ত আমি বাহাৰুল ইছলামক “The Woodcutter- গছ কটা মানুহ” শীৰ্ষক এখন অসমীয়া ছবিত মুখ্য চৰিত্ৰত দেখিবলৈ পাম। প্ৰকাশ ডেকাৰ সামগ্ৰিক পৰিকল্পনাৰে নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰটো ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা “কান চলচিত্ৰ মহোৎসৱ” ত প্ৰদৰ্শিত কৰা হৈছিল।