এইবাৰ পাপন নহয়, শুনক সান্নিধ্য ভূঞাৰ কণ্ঠৰে-
পল প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এটা গীতৰ নাম আছিল “কেনে আছা তুমি”। ৰাহুল গৌতম শৰ্মাৰ কথাৰে ৰচিত গীতটোত কণ্ঠদান কৰিছিল অংগৰাগ পাপন মহন্তই। আপোনালোকে ভাবিছে নিশ্চয় যে যদি “কেনে আছা তুমি” গীতটো অংগৰাগ পাপন মহন্তৰেই আছিল তেতিয়াহ’লে এই ডিজাইনটোত একেটা নামৰ সৈতে কিয় সান্নিধ্য ভূঞাক দেখি আছোঁ! আচলতে, সেই একেই গীতকেই আপোনালোকে এইবাৰ শুনিবলৈ পাব সান্নিধ্য ভূঞাৰ কণ্ঠৰে।
কণ্ঠ বেলেগ যদিও গীতটোৰ সৈতে জড়িত আৱেগ একেই থাকিব। ৰীলচ বোৰত প্ৰায়ে গীতটোৰ এটা কলি আপোনালোকে শুনিছে, গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছিল অংগৰাগ পাপন মহন্তৰ কণ্ঠত। এইবাৰ সেই একেটা পথ প্ৰশস্ত কৰিছে সান্নিধ্য ভূঞাই, কিছুদিন পূৰ্বে আমি দুয়োগৰাকীকে একেলগেও দেখিছিলোঁ। আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে, জুবিন গাৰ্গেই হওঁক অথবা অংগৰাগ পাপন মহন্তই হওঁক নৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে সক্ৰিয় অংশীদাৰিত্ব আগবঢ়াইছে।
অহা আগষ্ট মাহৰ ৩ তাৰিখে সান্নিধ্য ভূঞাৰ “কেনে আছা তুমি” গীতটো মুক্তি লাভ কৰিব। অংগৰাগৰ গীতত সান্নিধ্যৰ কণ্ঠ শুনিবলৈ তেওঁৰ অনুৰাগীসকলো উৎসাহিত হৈ পৰিছে নিশ্চয়।