Spread the love

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২ য়ে পুনৰ বাৰ অসমীয়া ছবি জগতলৈ কঢ়িয়াই আনিলে আনন্দৰ বতৰা। ইখনৰ পিছত সিখন ছবিৰ আগমনৰ খবৰৰ উপৰিও ছবিগৃহত সগৌৰৱেৰে চলি থকা অসমীয়া ছবিসমূহৰ সফলতাই আমাৰ এই উদ্যোগটোত যি এক ধনাত্মক বাতাবৰণৰ সৃষ্টি কৰিছে সেয়া সঁচাকৈ মন কৰিবলগীয়া। তাৰ পিছতেই, সদ্যঘোষিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২ ত অসমৰ চাৰিখনকৈ ছবিয়ে লাভ কৰিছে সুকীয়া স্বীকৃতি।

অসমত পোনপ্ৰথমবাৰৰ বাবে আইফোনত দৃশ্যগ্ৰহণ হোৱা অসমীয়া ছবি “এমুঠি পুঠি” য়ে এই বঁটাত “শ্ৰেষ্ঠ চলচিত্ৰ” ৰ খিতাপ দখল কৰিছে। মেটানৰ্মেল মশ্বন পিকচাৰ্ছ প্ৰাইভেট লিমিটেডৰ বেনাৰত এই ছবিখনৰ পৰিচালনা কৰিছে কুলনন্দিনী মহন্তই। আনহাতে, “শ্ৰেষ্ঠ চুটি ছবি” ৰ খিতাপ লাভ কৰিছে “শূণ্যতা” য়ে। যাৰ পৰিচালনা নবাপন ডেকাৰ আৰু প্ৰযোজনা এইচ এম প্ৰডাকচনৰ।

আনহাতে, দুখনকৈ অসমীয়া চিনেমা ক্ৰমে আইমী বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘Birubala Witch to Padmashri’ আৰু পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত ‘Hargila- The Greater Adjutant Stork’ য়ে এইবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিশেষ উল্লেখ বঁটা লাভ কৰিছে।

সমান্তৰালভাৱে , ড° ববী শৰ্মা বৰুৱাৰ “ছিকাল (যদিহে গছবোৰে কথা ক’ব পাৰিলেহেঁতেন) শীৰ্ষক চিনেমাখনে “শ্ৰেষ্ঠ তিৱা ছবি” ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *