মুক্তি পালে “লোকেল কুংফু ৩” ৰ ট্ৰেইলাৰ। শেহতীয়াকৈ “বিদুৰভাই”, “পিশাচ” ৰ পিছত “লোকেল কুংফু ৩” হৈছে এনে এখন ছবি যাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতেই দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে ই ভাইৰেল হৈ পৰিছে।
অহা ৫ ছেপ্টেম্বৰ তাৰিখে “লোকেল কুংফু ৩” ৰ শুভমুক্তি। এই ছবিখনেও যি যাত্ৰা পাৰ কৰিছে সেয়াও অৱশ্যে প্ৰশংসনীয়। মনত কৰক চোন, “লোকেল কুংফু” নামৰ প্ৰথমখন ছবিৰ বাজেট আছিল মাত্ৰ ১ লাখ টকা। এটা ডিএছএলআৰত শ্বুটিং কৰা হৈছিল ছবিখন, কিন্তু এতিয়া “লোকেল কুংফু” বুলি ক’লে অসমীয়া প্ৰতিগৰাকী দৰ্শক উৎসাহিত হৈ পৰে। এয়াই আচলতে সফলতা।
কেনী বসুমতাৰীয়ে এইবাৰ ছবিখনত এটি নতুন চৰিত্ৰত সংযোগ কৰিছে অভিনেত্ৰী ৰিম্পী দাসকো। চাওঁক চোন ট্ৰেইলাৰটো –