অহা ৭ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে অসমৰ প্ৰত্যেকটো চিত্ৰগৃহত মুক্তি লাভ কৰিব এখন এনে চিনেমা যাৰ সৈতে সন্তৰ্পণে জড়িত হৈ আছোঁ আমি সকলোবোৰ। ছবিখনৰ নাম “ভাইমন দা- A Tribute To Assamese Cinema”।
Zeal Creation ৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী আৰু পৰিচালনা শশাংক সমীৰৰ। প্ৰযোজনাৰ দায়িত্বত আছে শ্যামন্তক গৌতম আৰু কাৰ্যবাহী প্ৰযোজনা অনুপম শৰ্মাৰ। শেহতীয়াকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও বিশিষ্ট তথা গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত ছবিখনৰ পষ্টাৰ আৰু “বীয়েৰ ব্ৰেণ্ডি হুইস্কী” নামৰ প্ৰথমটো গীতৰ আনুষ্ঠানিক মুকলি কৰা হয়।
ছবিখনৰ নামটোৱে আচলতে প্ৰতিগৰাকী অসমীয়াৰ বাবে আৱেগ সদৃশ। ভাইমন দা অৰ্থাৎ মুনিন বৰুৱা দেৱৰ সৃষ্টিকৰ্ম, দক্ষতা আমাৰ সকলোৰে বাবে আদৰৰ। অসমীয়া চলচ্চিত্ৰ জগতখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে কৰা সংগ্ৰাম আৰু ৯০ বছৰীয়া অসমীয়া চলচ্চিত্ৰৰ সোণালী যাত্ৰাটোক আমি দেখিম এই ছবিখনৰ জৰিয়তে। অহা বৰ্ষৰ আৰম্ভণি আমাৰ বাবে সঁচাকৈ হ’ব বিশেষ।