Snoopdogg ৰ প্ৰফাইলত এতিয়া ৰাজকুমাৰ ঠাকুৰীয়া অৰ্থাৎ সকলোৰে মাজত চিনাকী ৰাকু দা। অসমীয়া-হিন্দী তথা ইংৰাজী ভাষাৰ সানমিহলিৰে প্ৰস্তুত কৰা ৰাজকুমাৰৰ গীত সমূহক বিভিন্ন জনে চচিয়েল মিডিয়াত ট্ৰোল কৰাৰ উপৰিও বিভিন্নটা টক-শ্বত তেওঁক আমন্ত্ৰণ কৰি মূৰৰ কামোৰণি নাইবা কেইবাটাও উপলুঙাসূচক নামেৰে নামাকৰণ কৰাও দেখিবলৈ পোৱা গৈছিল।
কিন্তু এতিয়া সেই সময় সলনি হৈছে। ৰাজকুমাৰ ঠাকুৰীয়াৰ নৱনিৰ্মিত গীতটোক শ্বেয়াৰ কৰিছে আমেৰিকান ৰেপাৰ (Raper) Snoopdogg য়ে। এই দেখি সকলো অসমীয়া আচৰিত হৈ প্ৰশ্ন কৰিছে যে “এয়া কেনেদৰে সম্ভৱ অথবা এয়া কেনেধৰণৰ সহযোগিতা” বুলি প্ৰশ্ন কৰিছে। বিভিন্ন জনে এয়া তেওঁৰ অন্যতম সফলতা বুলিও কমেণ্ট কৰিছে কাৰণ এনেধৰণৰ এটা গীত যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কোনো ব্যক্তিয়ে শ্বেয়াৰ কৰে তেতিয়া সেয়া সফলতা বুলিয়ে ক’ব লাগিব।
বাৰু, আপোনালোকে “অনামিকা” শুনিলেনে নাই?