সচৰাচৰ সংঘটিত এই ঘটনাৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ “হাতীবন্ধু”
নিতৌ হাতী-মানৱৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰি আহিছে। ক’ৰবাত বহু লোকে প্ৰাণ হেৰুওৱা লগতে আন একাংশই ভয়ত বিনিদ্ৰ ৰজনী কটাইছে। যোৰহাট, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, চিৰাং, বঙাইগাঁও, বাক্সা, লখিমপুৰ, শোণিতপুৰ, দৰং আদি জিলাত সাধাৰণতে হাতীৰ উপদ্ৰৱ বেছি। এই সংঘাতৰ ঘটনাসমূহক কেন্দ্ৰ কৰি পৰিচালক কৃপাল কলিতাৰ পৰিচালনাৰে আহি আছে এখন তথ্য চিত্ৰ “হাতী বন্ধু”। অসমবাসীৰ বাবে চিনাকী নাম “কৃপাল কলিতা”। তেওঁৰ পৰিচালনাৰে নিৰ্মিত “ব্ৰীজ” ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সমাৰোহত সমাদৰ লাভ কৰাৰ লগতে ছবিখনক ঘৰুৱা দৰ্শকেও সঁহাৰি জনাইছে।
“হাতীবন্ধু” তথ্যচিত্ৰখন Mumbai international film festival MIFF, 53 international film festival of India, Indian penorama, International short film & Documentary film festival of Kerala, Kolkata International film festival, London Indian Film Festival, Kazan international film festival আৰু prestigious Indian Film Festival of Melbourne
#iffm2023 ইত্যাদি ছবি সমাৰোহত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। কৃপাল কলিতাৰ তিনিবছৰীয়া পৰিকল্পনাৰ ফচল হৈছে তেওঁৰ এই “হাতীবন্ধু”। কৃষ্টি পথাৰৰ বেনাৰত নিৰ্মিত ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰখনৰ প্ৰযোজনাৰ দায়িত্বত আছে সবিতা দেৱী। তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণৰ দায়িত্বত আছে বিনোদ দুলু বৰা আৰু ৰমেন ৰাভাই। উল্লেখ্য যে, কৃপাল কলিতাৰ চিত্ৰনাট্য ৰচনাৰে নিৰ্মাণ হোৱা এই তথ্যচিত্ৰখন ইংৰাজী সংস্কৰণতো মুক্তি লাভ কৰিব।
ইয়াৰ চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ, ডি আই কালাৰিষ্ট হিচাবে আছে ৰাজেশ য়াদৱ। কৃপাল কলিতা আৰু ৰাজীৱ আনন্দৰ সংগীতেৰে সমৃদ্ধ তথ্যচিত্ৰখন শব্দ গ্ৰহণ গুণজিৎ শৰ্মাৰ।এনিমেশ্বন ভাস্কৰ শইকীয়াৰ, গ্ৰাফিক্স কৰিছে দেৱৰাজ বৰঠাকুৰে আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ। ঘৰুৱা দৰ্শক বৰ্তমান অপেক্ষাৰত তথ্যচিত্ৰখন উপভোগ কৰিবলৈ। প্ৰকল্পটোৰ সৈতে জড়িত আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।