কাদম্বৰী ক্ৰিয়েচন, নামটো নিশ্চয় আপোনাকৰো চিনাকী। কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত বহুকেইটা প্ৰকল্পই ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। “Arranged”, “The Radio Guy”, “Love Birds” “মুখা”, “মায়া বাইদেউ” তথা “Awmi” ইত্যাদি ভালেকেইখন চুটি ছবিৰ কাহিনীয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। আমি প্ৰত্যেকেই এই আটাইবোৰ প্ৰকল্পক উপভোগ তথা সেইসমূহৰ চৰ্চা বহু দিন ধৰি ছ’চিয়েল মিডিয়াত কৰিছোঁ। কিন্তু এইবাৰ আছে আন এটা ভাল খবৰহে, এইবাৰ কাদম্বৰী ক্ৰিয়েচন অকলে নহয়! আহি আছে “ৰীল ড্ৰামা” প্লেটফৰ্মটোৰ সৈতে একেলগে । দুয়োটা হাউচৰ যুগলবন্দীৰে আহিবলৈ সাজু হৈছে এখন নতুন ৱেব চিৰিজ “আন্দোলিত আকাশ”। ইতিমধ্যে ৱেব চিৰিজৰ শুভ মহুৰতৰ কাৰ্যসূচীৰ সফল সমাপন হৈ গৈছে। ৱেব চিৰিজ, চুটি ছবি অথবা চিনেমাৰেই হওঁক সাহিত্য ক্ষেত্ৰখনৰ সৈতে এক এৰাব নোৱাৰা সম্পৰ্ক আছে। যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। বহুকেইখন গ্ৰন্থ-উপন্যাসৰ কাহিনীক আধাৰ হিচাবে লৈ আজি পৰ্যন্ত যিসমূহ প্ৰকল্পৰ নিৰ্মাণ হৈছে সেই আটাইসমূহেই সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ। এই নতুন ৱেব চিৰিজ “আন্দোলিত আকাশ” খনো ইয়াৰ ব্যতিক্ৰম নহয়।
জনপ্ৰিয় লেখিকা তথা উপন্যাসিকা মনালিছা শইকীয়াৰ একে নামৰ উপন্যাসখনক আধাৰ হিচাবে লৈ এই ৱেব চিৰিজখনক নিৰ্মাণ কৰি উলিওৱা হ’ব। নৱপ্ৰজন্মৰ দক্ষ পৰিচালক সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া এই ৱেব চিৰিজখনৰ প্ৰযোজনা কৰিছে প্ৰমোদ দাসে। সমুজ্জল কাশ্যপ বৰ্তমান সময়ছোৱাৰ এগৰাকী নিপুণ পৰিচালক বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। তেওঁ নিজা দক্ষতাৰে যিসমূহ প্ৰকল্প বৰ্তমানলৈকে দৰ্শকৰ মাজত আগবঢ়াই দিছে সেই আটাইবোৰ প্ৰকল্পৰ কনচেপ্টে একঘেয়ামিতা আঁতৰাই নতুনত্ব প্ৰদান কৰিছিল দৰ্শকক। এই ৱেব চিৰিজখনৰ মুখ্য চৰিত্ৰ সমূহ ৰূপায়ণ কৰিছে ক্ৰমে লিমা দাস, সঞ্জীৱ হাজৰিকা, জাহানাৰা বেগম, বিভূতি ভূষণ হাজৰিকা, মুনমী ফুকনকে আদি কৰি আন একাংশ ন-পুৰণি শিল্পী, কলা-কুশলীয়ে। ইয়াৰ চিত্ৰনাট্য লিখিছে দৃষ্টি দাসে, লগতে চিনেমেটোগ্ৰাফী কৰিছে নগেন বৈশ্যই আৰু সম্পাদনা গৌতম মজুমদাৰৰ।
অনলাইন প্লেটফৰ্মৰ বিষয়ে ক’বলৈ গ’লে আমি প্ৰত্যেকেই ক’ৰোণা কালছোৱাত মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা লাভ কৰা উপহাৰ সমূহৰ ভিতৰত অন্যতম আছিল এই “ৰীলড্ৰামা”। উক্ত ৱেব চিৰিজখনৰ সৈতে ৰীলড্ৰামাও জড়িত হোৱাত সকলো উৎসাহিত হৈ পৰিছে।
Samujjal Kashyap Achinta Raj Kashyap Bibhuti Bhushan Hazarika Lima Das Moonmi Phukan DrJahanara Begum