Spread the love

“অভিমন্যু”… অচিন্ত শংকৰ বিশেষ হ’ব এই ২০২৪ বৰ্ষটি-

নতুন বছৰত ইমানবোৰ নতুন ঘোষণা, ইমানবোৰ নতুনত্ব দেখি আচলতে অসমীয়া দৰ্শকসকল আপ্লুত হৈ পৰিছে। আমি এনেকুৱাই সময় বিচাৰিছিলোঁ য’ত অসমীয়া ইমানেই ছবি মুক্তি লাভ কৰক য’ত আমি কোনখন চাম আৰু কেতিয়া চাবলৈ যাম সেয়া সময় উলিয়াব নোৱাৰা হওঁ। অচিন্ত শংকৰে শেহতীয়াকৈ কৰা নতুন ছবি “অভিমন্যু” ৰ ঘোষণাটোৱে সকলোকে উৎসাহিত কৰি তুলিছে। এয়া দীপলিনা ডেকাৰ নতুন যাত্ৰা বুলি শিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে সকলোকে জনাইছে । “মিছন চাইনা” ৰ পিছত অসমীয়া ছবি জগতখনত পুনৰ এবাৰ খোজ পেলাইছে তেওঁ। লগত আছে কমল লোচন, নৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় কমল লোচনৰ অভিনয়ৰ যাদু চলিছে সকলোতে। তেনে ক্ষেত্ৰত, এই যুটিটোক এখন চিনেমাৰ জৰিয়তে চাবলৈ অপেক্ষাৰত হৈ পৰিছে দৰ্শক সকলো।

কিছুদিন পূৰ্বে “হোমৱৰ্ক” নামৰ আন এখন ছবিৰো শুভ মহুৰত সম্পন্ন কৰিছিল অচিন্তই। ইখনৰ পিছত পিছত সিখন ছবিৰ বাৰ্তা প্ৰদান কৰি অচিন্ত শংকৰে এতিয়া ৰাইজক পৰিচালক হিচাবে নিজৰ বিশেষত্বক প্ৰদৰ্শন কৰিব যেন অনুভৱ হৈছে। মাতলিবুদ্দিন আহমেদৰ প্ৰযোজনাৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ কাহিনী অচিন্ত শংকৰৰ নিজৰেই। চিত্ৰনাট্য আৰু সংলাপ হিমাংশু নাথৰ। ছবিখনত কমল লোচন, দীপলিনা ডেকাৰ লগতে দেখিবলৈ পোৱা যাব দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰিম্পী দাস, ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলী লস্কৰ, অসীম কৃষ্ণ বৰুৱা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথৰ লগতে আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীক।

ছবিখনৰ সৈতে জড়িত আটাইলৈ Jollywood Now ৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *