“বীৰাংগনা সাধনী” ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত পৰিচালক বিশ্বজিৎ বৰাই সকলোতে শ্ৰেষ্ঠত্বৰ বিচাৰ যে কৰিছে সেয়া আমি তেওঁৰ অভিনেতা-অভিনেত্ৰীৰ তালিকাখন দেখিয়েই বুজি উঠিছোঁ। ইয়াৰ সমান্তৰালকৈ, বিশ্বজিৎ বৰাই কেইবাবাৰো ছবিখনৰ কাৰিকৰী দিশটো সুদৃঢ় কৰাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য কৰিছে। অৱশ্যে, তাৰ উদাহৰণ আমি ইতিমধ্যে পাইছোঁ আৰু যাৰ ভাগ-বতৰা আপোনালোকৰ সৈতেও কৰিব ওলাইছোঁ।
তেলেগু ছবি ক্ষেত্ৰৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী ঈশ্বৰ য়েলুমাহান্তিয়ে “বীৰঙ্গনা সাধনী” ৰ দৃশ্যগ্ৰহণ কৰি আছে। ঈশ্বৰে ইয়াৰ পূৰ্বে জনপ্ৰিয় আৰু চুপাৰ ডুপাৰ হিট ছবি “বাহুৱলী” ৰ দুয়োটা সংস্কৰণত সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্ব পালন কৰিছে। ইয়াৰোপৰি, তেওঁ হিন্দী তথা তেলেগুৰ বিভিন্নটা প্ৰকল্পত নিজৰ কৰ্মৰে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
এতিয়া “বীৰাঙ্গনা সাধনী” ত তেখেতৰ অংশীদাৰিত্বই ছবিখনক অধিক শক্তিশালী কৰিব বুলি আমি আশা ৰাখিছোঁ।