Spread the love

“প্ৰতিঘাত” ছবিখনৰ পৰিকল্পনা তথা পৰিচালনাৰ দিশটো লেখতল’বলগীয়া আছিল অচিন্ত শংকৰৰ। কিন্তু সময়ৰ তাগিদাত ছবিখনে আশানুযায়ী ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। বহুদিনীয়া বিৰতিৰ অন্তত পৰিচালক অচিন্ত শংকৰে আকৌ নতুন পৰিকল্পনা হাতত লৈছে। এইবাৰ অলপ নতুন তথা ব্যতিক্ৰম। এইবাৰ শিশুক কেন্দ্ৰ কৰি পৰিচালকগৰাকীয়ে নতুন ছবি এখন নিৰ্মাণৰ কাম হাতত লৈছে। আমাৰ ছবি উদ্যোগত নিৰ্মাণ হোৱা ছবিসমূহ প্ৰায় একচন, থ্ৰীলাৰ, চাচপেন্স, ৰোমাণ্টিক ইত্যাদি কনচেপ্টৰ হাত ধৰি দৰ্শকৰ কাষ চপা শুনিবলৈ পোৱা যায়। শিশুধৰ্মী ছবিৰ মুক্তি খুব কমেই শুনা যায়।

অচিন্ত শংকৰৰ প্ৰয়াসে নতুন ৰস প্ৰদান কৰিব দৰ্শকক। আমি এইক্ষেত্ৰত আশাবাদী। গৰখীয়া, শ্ৰীমান মাইমন, তৰা, বকুল ফুলৰ দৰে, ইশ্বু, বুম্বা ৰাইড ইত্যাদি বিভিন্ন শিশুধৰ্মী ছবি আমি উপভোগ কৰি সেইসমূহৰ জনপ্ৰিয়তাও উপলব্ধি কৰিছোঁ। গতিকে, এইবাৰ নতুন শিশুধৰ্মী ছবি “হোমৱ’ৰ্ক” ত কি নতুন থাকিব সেয়া হ’ব লক্ষণীয়। উল্লেখ্য যে, বহুদিনৰ অন্তত এইবাৰ অচিন্ত শংকৰৰ এই ছবিখনত অভিনেত্ৰী গায়ত্ৰী মহন্তক দেখিবলৈ পোৱা যাব। ছবিখনৰ চিত্ৰনাট্য তথা সহযোগী পৰিচালনা হিমাংশু নাথৰ। সংগীত পৰিচালনা কৰিছে অৰূপজ্যোতি বৰুৱাই লগতে গীতসমূহ লিখিছে ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই।

“হোমৱ’ৰ্ক” ত অভিনয় কৰিছে ক্ৰমে
অকে ফিল্মৰ বেনাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে গায়ত্ৰী মহন্ত, সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, বৃতান্ত কাশ্যপ, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, ৰিম্পী দাসৰ লগতে লগতে আৰ্জু আমিনে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *