Spread the love

অসমীয়াৰ প্ৰাণস্পন্দন ৰঙালী বিহুৰ প্ৰাকক্ষণত যদি নিজৰ প্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠৰে এটি নতুন বিহু শুনিবলৈ নাপায়! তেতিয়াহ’লে আমাৰ মনবোৰ বেয়া লগাটো একেবাৰে স্বাভাৱিক। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠৰে মুক্তিপাবলগীয়া দুটি সুন্দৰ বিহুগীতৰ কথা আমি জানিবলৈ পাৰিছোঁ। এই দুগৰাকী কণ্ঠশিল্পী হৈছে ক্ৰমে দীপলিনা ডেকা আৰু আচুৰ্য বৰপাত্ৰ। নিজ নিজ কণ্ঠৰ যাদুৰে সমগ্ৰ অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখা এই দুইগৰাকী কণ্ঠশিল্পী জনপ্ৰিয়তাৰ তালিকাত উচ্চ স্থানত থকা পৰিলক্ষিত হয়। দীপলিনা ডেকাৰ কণ্ঠৰে মুক্তি লাভ কৰিবলৈ সাজু হোৱা গীতটিৰ নাম হৈছে “সোণটি সোণাই” আৰু আচুৰ্য বৰপাত্ৰৰ গীতটি হৈছে “ৰঙালী ২০২৩”।

উল্লেখ্য যে, আচুৰ্য বৰপাত্ৰই তেওঁৰ “ৰঙালী ২০২৩” শীৰ্ষক গীতটি থলুৱা বাদ্য-সম্ভাৰেৰে প্ৰস্তুত কৰি উলিয়াইছে। অহা ৮ এপ্ৰিল তাৰিখে এই গীতটি মুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰে কণ্ঠশিল্পী গৰাকীয়ে। আনহাতে, দীপলিনা ডেকাই তেওঁৰ আহিবলগীয়া গীতটিৰ সম্পৰ্কত তেনে কোনো ধৰণৰ বিশেষ কথা জানিবলৈ দিয়া হোৱা নাই যদিও তেওঁৰ গীতটিৰ কেইটিমান শাৰীৰে ছ’চিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’টোৱে অনুৰাগীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিতে আপোনালোকক পুনৰ বাৰ জনাই থওঁ যে, চলিত বৰ্ষত বিহু মঞ্চৰ বাবে আচুৰ্য বৰপাত্ৰৰ মাননি হৈছে ৫.৫০ লাখৰ পৰা ৬ লাখ টকালৈ আৰু দীপলিনা ডেকাৰ মাননি হৈছে ৩.৫০ লাখ টকা। প্ৰায় প্ৰতিটো গীতেৰেই শ্ৰোতাৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰা আচুৰ্য্য-দীপলিনাৰ উক্ত দুয়োটি গীতৰ বাবে অপেক্ষাৰত অনুৰাগী সকল।

Jollywood Now ৰ তৰফৰ পৰা দুয়োগৰাকী কণ্ঠশিল্পীলৈ তেওঁলোকৰ আগন্তুক প্ৰকল্পৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে, আগতীয়াকৈ ৰঙালী বিহুৰ হৃদয়ভৰা শুভেচ্ছা জনাইছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *