যাযাবৰ সকল কেনেদৰে, ক’ত, কোন সময়ত গুচি যায় তাক আমি সহজে ধৰিবই নোৱাৰো। হাজাৰ সংঘাতময় বাট হওক, প্ৰত্যাহ্বানে বাট আগুৰি ধৰিলেও তেওঁলোকে নিজৰ দৃঢ়তা আৰু নিষ্ঠাক একাত্ম কৰি সফল যাত্ৰা ৰূপায়ণ কৰে। দুৰ্গম পথ অতিক্ৰম কৰি প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি নিত্য নতুন অভিজ্ঞতা লাভ কৰা এই যাযাবৰ সকলক লৈ আহি আছে আচুৰ্য্য বৰপাত্ৰৰ এটি নতুন গীত “বহেমীয়া”। “Colour of North East on 2 Wheels” মটৰ চাইকেল দলটোৰ ভেটিত নিৰ্মাণ কৰা হৈছে এই গীতটি। “বহেমীয়া” মানে যাযাবৰ।
নিজ স্বকীয় বৈশিষ্টৰ বাবে আচুৰ্য্য বৰপাত্ৰ জনপ্ৰিয়। তেওঁৰ অনুৰাগীৰ শাৰী যে দীঘলীয়া সেয়া আমি তেওঁৰ গীতসমূহৰ জনপ্ৰিয়তাৰ পৰাই উপলব্ধি কৰিব পাৰোঁ। কেৱল মাত্ৰ সাংস্কৃতিক দিশটোৰ লগতেই নহয়; কন্ঠশিল্পী গৰাকী জড়িত সামাজিক দিশটোৰ সৈতেও। সামাজিকভাৱে দায়বদ্ধ আচুৰ্য্য বৰপাত্ৰই প্ৰায়ে সমাজৰ বিভিন্ন কামত সহায় আগবঢ়োৱা দেখিবলৈ পোৱা যায়। সুন্দৰ কথাৰে নিৰ্মিত একোটি গীতেৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱা এই কণ্ঠশিল্পী গৰাকীক নতুন গীতটিৰ বাবে Jollywood Now ৰ পৰা অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ।
গীতটিত কথা বিজন নেওগ আৰু প্ৰাঞ্জল প্ৰতীম বৰাৰ। ইয়াত সুৰ কৰিছে বিজন নেওগ আৰু ধ্ৰুৱ ঠাকুৰীয়াই। অসমীয়া আৰু হিন্দীৰ সংমিশ্ৰণত নিৰ্মিত এই গীতটিৰ সামগ্ৰিক পৰিকল্পনা হৈছে ঋতুৰাজ বসন্তৰ আৰু প্ৰযোজনা ভাস্কৰ নেওগৰ।