Spread the love

বহু বিতৰ্কৰ শাম কাটি আজি মুক্তি লাভ কৰিছে নয়ন নীলিমৰ এখন মিউজিকেল চৰ্ট ফিল্ম অৰ্থাৎ সাংগীতিক চুটি ছবি “আধা সজা”। শেহতীয়াকৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবি “বন্ধু” ৰ বহুল জনপ্ৰিয়তাৰ পিছত তেওঁৰ অলপতে মুক্তিপ্ৰাপ্ত এই প্ৰকল্পটোৱে খলকনিৰ সৃষ্টি কৰিছে সাংস্কৃতিক ক্ষেত্ৰখনত।

অসমখনত প্ৰকৃতিয়ে বহু অৱদান আগবঢ়াইছে। তাৰ মাজত অন্যতম হৈছে হাফলং। দ্বিতীয় চুইজাৰলেণ্ড খ্যাত হাফলং হৈছে প্ৰকৃতিৰ অন্য এক ৰম্যভূমি। এই ঠাইডোখৰৰ সুন্দৰতাক ৰাইজৰ মাজলৈ লৈ অনাৰ লগতে তাত থকা স্থানীয় যুৱকৰ এগৰাকী পৰ্যটকৰ সৈতে হোৱা প্ৰেমৰ মিঠা অনুভৱেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে “আধা সজা”। নয়ন নীলিমৰ এই প্ৰকল্পটোৰ পৰিকল্পনা প্ৰায় দুবছৰ পূৰ্বৰে। ইয়াৰ শ্বুটিঙো হাফলঙতেই কৰা হৈছে।

এই চুটি ছবিখনৰ পৰিচালনা দীপক দেৰ আৰু প্ৰযোজনা কৰিছে নয়ন নীলিম, গুলজ্যোতি গোঁহাই আৰু বিভূতি বাখৰ গোঁহাইয়ে। ইয়াত অভিনয় কৰিছে নয়ন নীলিমৰ লগতে আন এগৰাকী নতুন অভিনেত্ৰী কুইন ভৰালীয়ে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *