Spread the love

শেহতীয়াকৈ গোৱালাপাৰৰ এখন অনুষ্ঠানত দিয়া ভাষণত অভিনেতা আদিল হুচেইনে কৈছে “মোৰ প্ৰথম পৰিচয় হৈছে এগৰাকী মানুহ হিচাবে। মোৰ মাতৃৰ গৰ্ভৰ পৰা মই এই পৃথিৱীলৈ যেতিয়া আহিছিলোঁ তেতিয়া মোক এজন মানৱ বুলিয়েই গ্ৰহণ কৰা হৈছিল। গতিকে অভিনেতা অথবা মুছলমান ধৰ্মাৱলম্বী হোৱাৰ আগত মই এজন মানুহ।”

গোৱালপাৰাত জন্মগ্ৰহণ কৰা আদিল হুচেইনে হলীউডলৈকে যি যাত্ৰা নিশ্চিত কৰিছে সেয়া উঠি অহা প্ৰজন্মৰ বাবে যথেষ্ট অনুপ্ৰেৰণামূলক। তেওঁ কৌতুক গোষ্ঠী “ভায়া মামা” ৰ লগত জড়িত বুলি আপোনালোকে হয়টো জানে। তলত দিয়া পষ্টাৰখনত শিল্পীৰ নামৰ ভিতৰত আদিল হুচেইনৰো নাম পাব। গতিকে ভাবি চাওঁক অভিনেতা গৰাকীয়ে নিজৰ অভিনয়ৰ জোৰেৰে কিমান দূৰ বাট অতিক্ৰম কৰি সফলতা লাভ কৰিছে!


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *