Spread the love

“অগ্নিবীৰ”-বিগত বৰ্ষত ঘোষণা কৰা ছবিখনৰ শেহতীয়াকৈ পষ্টাৰসমূহ মুকলি কৰি দিয়া হয়। “লকাকাণ্ড” ৰ পিছত আৰ.বি প্ৰডাকচন হাউচে নিৰ্মাণ কৰি উলিওৱা এইখন হৈছে তেওঁলোকৰ দ্বিতীয়খন ছবি। গুৱাহাটীৰ লগতে গহপুৰ, চানডুবি, বৰপেটা, নগাঁৱত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ কাহিনীভাগত আপোনালোকে পাব একচন আৰু ৰোমাঞ্চ।

ৰজনী বৰ্মনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে মনীষ আগৰৱাল আৰু সৰৌজিনি বসুমতাৰীয়ে। সহঃ প্ৰযোজনা হেমাংগ শইকীয়া, অমৰেন্দ্ৰ ভাগৱতী, গণেশ প্ৰসাদ আৰু কুমাৰেশ দত্তৰ। আপোনালোকক নিশ্চয় আমি পূৰ্বেও কৈছোঁ যে, আকাশদ্বীপে “অগ্নিবীৰ” ৰ জৰিয়তে নিজ উভতনি যাত্ৰা ৰূপায়ণ কৰিছে। সুদীৰ্ঘ ১২ বছৰৰ পিছত আকাশদ্বীপক ৰূপালী পৰ্দাত দেখিব দৰ্শকে।ইয়াৰোপৰি সিদ্ধান্ত কলিতা, কিংকিনী ভট্টাচাৰ্য, বাহাৰুল ইছলাম, বিক্ৰম ৰাজখোৱা (বিকি), হিৰণ্য দাস, শ্যামন্তিক শৰ্মা, ভ্ৰান্তি মেধি, নয়ন নিৰ্বাণ, চিৰঞ্জীত বৰা, অতুল পাচনি, দীনেশ দাস, বাবলি বৰা, জলী লস্কৰ, ৰমেন তামুলী, অনুশ্ৰী দাস, পৰাগ শৰ্মা, কবিন ৰাজ, সিদ্ধু ডেকা, নৱৰাজ বৰুৱা, পিংকি শৰ্মা, মনিষা গগৈ আৰু কুমাৰেশ দত্তৰ লগতে আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীক “অগ্নিবীৰ” ত দেখিবলৈ পোৱা যাব। অজয় ফুকন সংগীত পৰিচালনাৰে নিৰ্মিত ছবিখনৰ গীতসমূহত জুবিন গাৰ্গ, পাপৰি গগৈ আৰু নীল আকাশে কণ্ঠদান কৰিছে।

ছবিখন চলিত বৰ্ষতেই মুক্তি দিয়াৰ মানস কৰিছে নিৰ্মাতাগোষ্ঠীয়ে। অৱশ্যে এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *