Spread the love

অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ আধাৰত মঞ্জুল বৰুৱাৰ নতুন ছবি “অনুৰ Eyes on the Sunshine”-

আগন্তুক দিনত মুক্তি পাবলগীয়া অসমীয়া ছবিৰ শাৰীটো বৰ দীঘলীয়া। অহা বছৰৰ প্ৰথমটো মাহৰ পৰাই এই শাৰীৰ পৰা মুক্তি পোৱা পথত অৱতীৰ্ণ হৈছে একোখনকৈ নতুন ছবি। অসমীয়া চলচিত্ৰ ক্ষেত্ৰত “কানীন” তথা “কেকটাছ” আদি ছবি উপহাৰ দিয়াৰ পিছত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ নতুন ছবি “অনুৰ Eyes on the Sunshine” মুক্তিৰ বাবে সাজু হৈ উঠিছে। অহা ২০২৩ চনৰ ২৭ জানুৱাৰী তাৰিখে উক্ত ছবিখনে মুক্তি লাভ কৰিব। বিশিষ্ট সাহিত্যিক তথা সাংবাদিক আৰু সকলোৰে মাজত জনপ্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ এটা চুটি গল্পৰ আধাৰত এই ছবিখনৰ মূল কাহিনীভাগক নিৰ্মাণ কৰি উলিওৱা হৈছে।

Official Poster Release Event at Guwahati Press Club

বৃদ্ধাৱস্থাত নিজৰ সন্তান থকাৰ পিছতো কেতিয়াবা পিতৃ-মাতৃয়ে নিসংগ অনুভৱ কৰে। নিসংগতাই তেওঁলোকক ভিতৰৰ পৰা আৰু অধিক খঙাল অথবা অভিমানী কৰি তোলে। এই সময়ছোৱাত এগৰাকী সন্তানৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়বদ্ধতা তথা তেওঁলোকৰ এই নিসংগতাক কেনেদৰে অবদমন কৰিব পাৰি এই আটাইবোৰ বিষয়ক লৈ “অনুৰ” ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। ছবিখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য-সংলাপ মঞ্জুল বৰুৱাই নিজেই লিখিছে। বলীউডৰ জনপ্ৰিয় তাৰকা ৰজত কাপুৰৰ লগতে ছবিখনত ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে.কাশ্যপ, ময়ূৰ জি.দাস, শ্ৰুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্ৰুপদ দাস, অঞ্জনাভ ৰাজখোৱা ইত্যাদি ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।

এই ছবিখনত চিনেমেটোগ্ৰাফীৰ দায়িত্বত আছে সুমন দুৱৰা আৰু “অনুৰ” ত সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় শিল্পী তৰালী শৰ্মাই। ইয়াৰোপৰি, ছাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ আৰু সাজসজ্জাৰ দায়িত্ব পালন কৰিছে গৰিমা শইকীয়া গাৰ্গে। ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগীৰ আৰু ছবিখন সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেৱজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। ছবিখনৰ কাহিনীভাগৰ গভীৰতা আৰু অসমীয়া ছবিত এগৰাকী বলীউডৰ অভিনেতাক উপভোগ কৰিবলৈ বৰ্তমান অপেক্ষাৰত দৰ্শক ৰাইজ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *