অনুৰাধা চিনেপ্লেক্সৰ সফল ৫২…
গুৱাহাটীবাসীৰ আৱেগৰ চিনেমা হ’ল “অনুৰাধা চিনেপ্লেক্স” য়ে সফলতাৰে সম্পূৰ্ণ কৰিলে ৫২ টা বছৰ। গুৱাহাটীস্থিত এই চিত্ৰগৃহটোৰ সৈতে গুৱাহাটী মহানগৰীকে আৰম্ভ কৰি অসমৰ প্ৰায় সমূহ লোকৰে কম-বেছিকৈ হ’লেও কিছু স্মৃতি জড়িত হৈ আছে। গুৱাহাটীৰ বামুণীমৈদানস্থিত “অনুৰাধা চিনেপ্লেক্স” ৰ আসনৰ সংখ্যাৰ পৰা আৰম্ভ কৰি কাৰিকৰী দিশটোও শেহতীয়াকৈ অধিক উপভোগ্য কৰি তোলা হৈছে। ১৯৭১ চনৰ ১ জানুৱাৰী তাৰিখে অনুৰাধা চিনেপ্লেক্সৰ স্বত্বাধিকাৰী প্ৰয়াত ড° ফণী শৰ্মাই চিনেপ্লেক্সৰ শুভ উদ্ধোধন কৰিছিল আৰু তেখেতৰ সৈতে সেই সময়ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিশিষ্ঠ অতিথি হিচাপে উপস্থিত আছিল সমাজসেৱক প্ৰয়াত ৰাধা গোবিন্দ বৰুৱা আৰু উদ্যোগমন্ত্ৰী প্ৰয়াত বিশ্বদেৱ শৰ্মা।
উদ্বোধনীৰ পিছত ছবিগৃহটোত প্ৰদৰ্শন হোৱা প্ৰথম খন বলীউড ছবি আছিল “তুম হাছিন ম্যে জাৱান”। ছবিখনত অভিনয় কৰিছিল ড্ৰীমগাৰ্ল হেমা মালিনী আৰু জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। উল্লেখ্য যে, ১১৩২ খন আসনেৰে আৰম্ভ হোৱা অনুৰাধা চিনেপ্লেক্সৰ সেইটো সময়ৰ উচ্চতম মূল্য আছিল ৩ টকা ৬০ পইচা আৰু নিম্নতম মূল্য আছিল ৬০ পইচা। আপোনালোকে জানিবলৈ পাই নিশ্চয় সুখী হ’ব যে, বিগত ২০১৭ চনত অনুৰাধা চিনপ্লেক্সক মুম্বাইৰ ষ্টাৰ গ্ৰুপ মাল্টিপ্লেক্স এক্সচেলেন্সিয়ে “বেষ্ট চিংগল স্ক্ৰীণ থিয়েটাৰৰ” বঁটা প্ৰদান কৰিছিল। সম্প্ৰতি সময়ত, চিনেপ্লেক্সৰ প্ৰতিটো টিকটৰ এক অংশ “ড° ফণী শৰ্মা ৱেলফেয়াৰ ট্ৰাষ্ট” ত জমা কৰা হয়; যি ধনৰাশিক প্ৰতিটো বছৰে অসমৰ উদীয়মান প্ৰতিভাসম্পন্ন খেলুৱৈক প্ৰদান কৰা হয়।
অনুৰাধা চিনেপ্লেক্সৰ এই সফলতাৰ যাত্ৰা অনাগত দিনলৈ এনেদৰে অব্যাহত থাকক, তাৰেই কামনা কৰিছোঁ লগতে অনুৰাধা চিনেপ্লেক্সৰ কৰ্তৃপক্ষ তথা কৰ্মকৰ্তা সকলক Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।