Spread the love

যুৱপ্ৰজন্মৰ মানসিক চাপ সমাজৰ বাবে এক ব্যাধি স্বৰূপ, এই কাহিনীৰ আধাৰতেই নিৰ্মিত “Appointment”-

আমাৰ জীৱনত আন কাৰোবাৰ সৈতে নহয়, বহু সময়ত নিজৰ লগতে অন্তঃদ্বন্দত ভুগিবলগীয়া হয়। মানসিক চাপ অথবা ডিপ্ৰেছন বোলা শব্দটো আজি কালি যুৱপ্ৰজন্মৰ মাজত বহু বেছিকৈ ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে। বহু লোকৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰা, প্ৰায় সময়ত আত্মহত্যাতকৈ অন্য একোৱে সুখৰ নহয় বুলি কৰা চিন্তাবোৰে যুৱপ্ৰজন্মক অসামাজিক কৰি তোলে। কাৰো সৈতে কথা পাতিব মন নকৰা, উদাসীন স্বভাৱ ইত্যাদি যদি কোনো ব্যক্তিৰ মাজত অনুভৱ কৰোঁ তেতিয়াহ’লে বৰ্তমান সময়ত আমি সকলোৱে সেই ব্যক্তি সকলৰ সৈতে দুই চাৰিটা বেছি কথা পাতিবলৈ চেষ্টা প্ৰয়াস কৰোঁ। নহ’লে তেওঁলোকক এগৰাকী মনোবৈজ্ঞানিকৰ কাষ চাপিবলৈ পৰামৰ্শ প্ৰদান কৰিছোঁ অথবা আহ্বান জনাইছোঁ।

সুখী হোৱাৰ সংজ্ঞা দিবলৈও সহজ আৰু সুখী হ’বলৈ জানিলে আচলতে হোৱাটোও সহজ। কিন্তু সুখৰ মাজত অসুখী মন এটা মন লৈ জীয়াই থকাটোহে বৰ কষ্টকৰ। আমাৰ কেওদিশে চলি থকা এনে সচৰাচৰ এটা ঘটনাৰ ভেটিতেই নিৰ্মাণ কৰি উলিওৱা হৈছে “Appointment”। ৯ মিনিট ৪০ ছেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনত ব্যক্তিবিশেষৰ মনস্তাত্বিক বিষয়টোক উপস্থাপন কৰা হৈছে।

চুটি ছবিখনৰ কাহিনীভাগ যথেষ্ট মনোগ্ৰাহী। কিন্তু কিছুমান সময়ত ইটোৰ পিছত সিটো দৃশ্যলৈ যোৱাৰ সময়ত সাধাৰণ “জাৰ্ক” এটা অনুভৱ কৰা যায়। যিটো অকণমান সাৱলীল কৰিব পৰা গ’লহেঁতেন হয়টো। ইয়াৰ উপৰিও, ছবিখনৰ কাৰিকৰী দিশটোত যদি কিছু মনোযোগ দিয়া গ’লহেঁতেন হয়টো চুটি ছবিখনে আৰু অধিক দৰ্শকক আকৰ্ষণ কৰিলেহেঁতেন। হিন্দী ভাষাত নিৰ্মিত এই “Appointment” চুটি ছবিখনৰ পৰিচালনা কৰিছে প্ৰশমিত চৌধুৰীয়ে। আশা কৰিছোঁ, অনাগত দিনত চুটি ছবি নিৰ্মাণৰ সামগ্ৰিক দিশটোত অধিক গুৰুত্ব প্ৰদান কৰিব পৰিচালকগৰাকীয়ে। “Appointment” ত অভিনয়েৰে কাহিনীভাগৰ যুক্তিযুক্ততা বহন কৰিবলৈ সক্ষম হৈছে ফিলিপচ নেওগ আৰু অৰ্ঘদ্বীপ বৰুৱাই। ডাক্তৰ আৰু ৰোগীৰ মাজত হোৱা কথোপকথনৰ মাজেৰেই চুটি ছবিখন আৰম্ভ হয় তেনেদৰেই সমাপ্ত হৈছে। Real Imagination ৰ বেনাৰত নিৰ্মিত চুটি ছবিখনৰ ডি.অ’.পিৰ দায়িত্বত আছে ৰাজ নাছিম আৰু সংগীত অৰিণ শ্যামৰ। Moviesaints.com (https://www.watchmyfilm.com/movie/appointment) ত উপলব্ধ চুটি ছবিখন চাবলৈ আপুনি এটা নিম্ন পৰিমাণৰ মাচুল বহন কৰিব লাগিব।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *