সাংস্কৃতিক মহলত শোকৰ বন্যা, অকস্মাৎ মৃত্যু সুদক্ষ অভিনেতা ৰাজীৱ ৰাজনীশৰ-
অসমীয়া অভিনয় জগতৰ আন এক বৃহৎ ক্ষতি। অসমৰ এগৰাকী সুদক্ষ অভিনেতা ৰাজীৱ ৰাজনীশৰ অকস্মাৎ পৰলোকপ্ৰাপ্তিত এতিয়া শোকৰ ছাঁ পৰিছে সৰ্বত্ৰে। ছয়মাইলত দুৰ্ঘটনাত পতিত হোৱাৰ পৰৱৰ্তী সময়ত অভিনেতাগৰাকীক নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও অলপতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
অসমীয়া ধাৰাবাহিক, ছবি তথা নাটকৰ সৈতে সক্ৰিয়ভাৱে জড়িত এই অভিনেতাগৰাকীয়ে প্ৰায়ে খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। “ৰত্নাকৰ” আৰু “ৰাঘৱ” ছবি দুখনতো তেওঁক ভিলেইন হিচাবে দেখিছিল দৰ্শকে। অভিনেতাগৰাকীৰ মৃত্যু অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে সঁচাকৈ অপূৰণীয় ক্ষতি।
অভিনেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অনুৰাগীক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
।। ঔঁম শান্তি ।।