Spread the love

২০২২ ৰ সুন্দৰ সমাপ্তিঃ কোটিটকীয়া কালেকচনত নামিল অসমীয়া ছবিও, চলিত বৰ্ষত মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকা-

২০২২ বৰ্ষটো স্মৃতি হৈ ৰ’ব বহুতৰে বাবে। বিগত বৰ্ষটোত লক-ডাউনৰ কু-প্ৰভাৱ নপৰাৰ ফলত বহুখিনি ভাল পৰিকল্পনা সফলকাম হোৱাৰ লগতে কেওদিশে এক ইতিবাচক চিন্তাধাৰাৰ গঢ় লৈ উঠিছিল। ২০২২ চনটোৱে অসমীয়া ছবি ক্ষেত্ৰলৈ এক নতুন তথা ব্যতিক্ৰমী ঢৌক উভতাই আনিবলৈও সক্ষম হৈছিল। অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজক ছবিগৃহলৈ বাৰম্বাৰ টানি নিব পৰা বহুখিনি ছবিয়ে মুক্তি লাভ কৰিলে চলিত বৰ্ষত। কেৱল মাত্ৰ মুক্তি পোৱাই নহয়, বলীউডৰ ছবিৰ লগত ফেৰ মাৰি হ’লেও বহু সপ্তাহলৈকে ছবিগৃহত সগৌৰৱেৰে চলি গৈছিল ছবিসমূহ। কোটি টকীয়া কালেকচনৰ শাৰীত থিয় দিবলৈ সক্ষম হৈছিল অসমীয়া ছবি সমূহ। এয়া সঁচাকৈ আমাৰ বাবে এক গৌৰৱৰ কথা।

২০২২ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ এখন তালিকা আমি প্ৰস্তুত কৰিছোঁ-

👉🏻 লোকেল উৎপাত

👉🏻 ব্ৰীজ

👉🏻 মোৰ শেষ গান

👉🏻 এমুঠি পুঠি

👉🏻 লংকাকাণ্ড

👉🏻 ৰাইনো’ এক্সপ্ৰেছ

👉🏻 গংগা- এখনি বোৱতী হিয়া

👉🏻 দাদা তুমি দুষ্ট বৰ

👉🏻 গুৱাহাটী ডায়েৰীজ

👉🏻 বন্ধু

👉🏻 মেড ইন নলবাৰী

👉🏻 বুলু ফিল্ম

👉🏻 দ্য ছেভেন ষ্ট্ৰিং

👉🏻 ঘোষ্ট অৱ মাইখুলি

👉🏻 ৰাজনীতি

👉একলব্য

👉কস্তুৰী

👉ঈশ্বৰ

👉উপসৰ্গ

👉খং

👉ভোলা বম ভোলা

👉ৰন

👉জনক নন্দিনী

👉গ’গ’আই

চলিত ২০২৩ চনতো ৰাঘৱ, ৰঘুপতি, ডক্তৰ বেজবৰুৱা, অনুৰ ইত্যাদি বহুকেইখন অসমীয়া প্ৰত্যাশিত ছবিয়ে মুক্তি লাভ কৰিব। Jollywood Now ৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই বৰ্ষটোতো অসমীয়া ছবিৰ প্ৰগতিৰ ধাৰা উৰ্ধগামী গতিলে অগ্ৰগামী হওঁক, তাৰেই কামনা কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *