Spread the love



“শ্ৰী ৰঘুপতি” লৈ মাজত মাত্ৰ ৩ দিনৰ অপেক্ষা। ৰাজ্যবাসীক এখন সুন্দৰ আৰু ভাল অসমীয়া ছবি উপহাৰ দিয়াৰ অৰ্থে বিগত বহু বছৰৰ পৰা কৰা পৰিকল্পনাৰ অন্তত সাজু হৈ উঠিছে “শ্ৰী ৰঘুপতি”। ছবিখনক লৈ নতুনকৈ কোনো তথ্য দিয়াৰ হয়টো একেবাৰেই প্ৰয়োজন নাই। অসমীয়া দৰ্শকৰ মুখে মুখে প্ৰচলিত হৈছে “শ্ৰী ৰঘুপতি”।

অৱশ্যে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত একাংশ দৰ্শকে অসন্তুষ্টি প্ৰকাশ কৰিছে। ছবিখনৰ প্ৰচাৰৰ হেতু নিৰ্মাতা গোষ্ঠীয়ে আন কোনো প্ৰয়াস নকৰিলেও সামাজিক মাধ্যমত নিৰন্তৰভাৱে ছবিখনক লৈ প্ৰচাৰ চলোৱা হৈছে। অসমীয়া ছবি সমূহৰ ক্ষেত্ৰত থকা নেতিবাচক পইণ্ট বুলি ক’বলৈ গ’লে “প্ৰচাৰ” ৰ দিশটোৰ কথা বহুতেই কয়। অৱশ্যে, এই কথাষাৰ নুই কৰিব পৰা নাযায়। “অসমীয়া ছবিৰ ভাল দিন” বুলি প্ৰতিটো সময়তে কয় আহিছোঁ কিন্তু ছবিখনৰ বাজেটৰ পৰা প্ৰচাৰৰ বাবে কিছু অংশ ৰখাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে। কিয়নো হিন্দীত এষাৰ কথা আছে “জৌ দিখতা হ্যে, ৱ’হ বিকতা হ্যে”।

বাণিজ্যিকভাৱে সফল হ’ব বুলি আশা কৰি থকা হৈছে “শ্ৰী ৰঘপুতি”। আমিও তাকে কামনা কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *