Spread the love

“জীৱন” বোলা শব্দটো তিনিটা আখৰৰ। সেইদিনাও আমি কৈছোঁ যে এই শব্দটো ক’বলৈ বা লিখিবলৈ তেনেই সহজ কিন্তু ইয়াক উপলব্ধি কৰালৈ আমাৰ সমগ্ৰ পৰিক্ৰমাটোৱে গুচি যায়। ঠিক তেনেদৰে, আন এটা শব্দ আছে যিটো হ’ল “সম্পৰ্ক”। এই শব্দটোৰ ক্ষেত্ৰত সংজ্ঞাটো অকণমান ব্যতিক্ৰম। “সম্পৰ্ক” শব্দটোৰ সৈতে আৰু এটা আৰু “স” ৰ প্ৰয়োজন, সেইটো হ’ল “সময়”। এটা সম্পৰ্কক যিমানেই আপুনি সময় দিব সিমানেই সি উজ্বলি উঠিব। যিমানেই বান্ধোনত ৰাখিবলৈ চেষ্টা কৰা হ’ব, সিমানেই সি নিঃশেষ হৈ পৰিব। এহাল দম্পতীৰ সম্পৰ্কটোৰ মাজৰ কিছু সমীকৰণক লৈ আহি আছে এখন চুটি ছবি “because, i love you”। Zeroth Drama ৰ বেনাৰত মুক্তি পাবলগীয়া এই চুটি ছবিখন অহা ২৭ মে, ২০২৩ তাৰিখে মুক্তি লাভ কৰিব।

ইয়াত অভিনয় কৰিছে ক্ৰমে বিদিশা কাশ্যপ, বিভূতি ভূষণ হাজৰিকা আৰু বেদব্ৰত বৰাই। দম্পতীহালৰ জীৱনলৈ এজন ওচৰ চুবুৰীয়া আহি তেওঁলোকৰ আউল লগা কথাবোৰক মসৃণ কৰিবলৈ চেষ্টা কৰে আৰু এই চুবুৰীয়াৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে বেদব্ৰতে। অৰিন্দম বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনৰ প্ৰযোজনা পাঞ্চই প্ৰডাকচনৰ। প্ৰযোজনাৰ দায়িত্বত আছে ৰিংকু বৰা আৰু এ. মেধি। “because, i love you” চুটি ছবিখনৰ কাহিনীভাগৰ লগতে চিত্ৰনাট্য আৰু সংলাপ দৃষ্টি দাসৰ। দৃশ্যগ্ৰহণ, সম্পাদনা আৰু কলা নিৰ্দেশনা মানৱ জ্যোতি বৰুৱাৰ। সংগীত পৰিচালনা সুদৰ্শন বৰকটকীৰ। গীতটিত কণ্ঠদান কৰিছে নীলাক্ষী নেওগে।

বিগত সময়ত অৰিন্দম বৰুৱাৰ বহুখিনি প্ৰকল্পই দৰ্শকক আকৰ্ষণ কৰিছে। এইবাৰৰ চুটি ছবিখনক লৈও অপেক্ষাৰত দৰ্শক সকল। Jollywood Now ৰ তৰফৰ পৰা চুটি ছবিখনৰ সৈতে জড়িত আটাইলৈ জনাইছোঁ শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *