Spread the love

২০২৪ বৰ্ষত আহিবলগীয়া কেইবাখনো অসমীয়া ছবিৰ ভিতৰত অন্যতম হৈছে “ভূত জলকীয়া”। আকৌ নতুন কনচেপ্টৰ ছবিসমূহৰ জৰিয়তে অসমীয়া চলচিত্ৰ উদ্যোগটোৱে প্ৰত্যেকদিনাই নতুনত্ব কঢ়িয়াই আনিছে আমাৰ মাজলৈ। হিন্দী- ইংৰাজী ছবিৰ পয়োভৰ এতিয়া অসমীয়া ছবিসমূহে ক্ৰমশঃ গ্ৰাস কৰিছে। এয়া আমি আগতেও কৈছোঁ আৰু বাৰ বাৰ কৈছোঁ কিয়নো এই বিষয়টোৱে প্ৰতিগৰাকী অসমীয়া ছবিৰ শুভাকাংক্ষীক উৎসাহিত কৰিছে।

“ভূত জলকীয়া”, পৰিচালক চিন্ময় শৰ্মাৰ কাহিনী আৰু পৰিচালনাৰে আহিবলগীয়া ছবিখনৰ শুভমুক্তি অহা ২৭ ছেপ্টেম্বৰ তাৰিখে। অৰ্থাৎ, “লোকেল কুংফু ৩” ৰ সুহুতীয়া কাহিনী উপভোগ কৰি হাঁহি হাঁহি ছবিগৃহৰ পৰা ওলাই অহাৰ পিছতে ৰাইজে উপভোগ কৰিব পাৰিব “ভূত জলকীয়া” ৰ চাচপেন্সখিনি। দুজন শিক্ষাৰ্থীৰ এটা যাত্ৰাক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। Green Grass Films আৰু DP Entertainment ৰ বেনাৰত নিৰ্মিত এই ছবিখনত মিণ্টু বৰুৱাৰ লগতে অতনু মহন্ত, ভায়লিনা বৰদলৈ, অদ্ৰিতা পৰশা, ত্ৰিবেণী গগৈ আৰু জয়শ্ৰী ভূঞাই অভিনয় কৰিছে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই আৰু শব্দ দেৱজিৎ গায়নৰ।

একে লেথাৰিয়ে অসমীয়া ছবিৰ মুক্তিৰ তাৰিখেই আচলতে আমাৰ বাবে ইতিবাচক বাৰ্তা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *