সফলতাৰ অন্য এক পৃষ্ঠা খুলিলে “বিদুৰভাই” য়ে। এইবাৰ ছবিখনে এসপ্তাহত উপাৰ্জন কৰিলে ৩.০৯ কোটি টকা। দিল্লী, নয়ডা ইত্যাদি আন বিভিন্ন ঠাইতো এতিয়া চলিব “বিদুৰভাই” ৰ যাদু। অসমীয়া এখন ছবিয়ে যেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবিসমূহৰ সৈতে প্ৰতিদ্বন্দিতা কৰি সগৌৰৱেৰে মূৰ দাঙি চলি থকা দেখা যায় তেতিয়া আচলতে অসমীয়া হিচাবে প্ৰতিগৰাকীৰে বুকু গৌৰৱত ফুলি উঠে।
সুব্ৰত কাকতিয়ে পৰিচালক হিচাবে “ৰঘুপতি” ত যেনেদৰে নিজক প্ৰমাণ কৰিছিল, ঠিকে তেনেদৰে তেওঁ নিজকে এগৰাকী দক্ষ “টীম লিডাৰ” হিচাবেও প্ৰমাণ কৰিলে এইবাৰ। “বিদুৰভাই” ৱেব চিৰিজখনৰ পৰা আৰম্ভ কৰি এই ছবিখনলৈ তেওঁ যিদৰে নিজৰ টীমটোক ধৰি ৰাখিছে সেয়া সঁচাকৈ প্ৰশংসনীয়।
“বিদুৰভাই” ৰ যাত্ৰাটোৱে সকলোকে সুখী কৰিলে। এয়া সুখবৰ আমাৰ সকলোৰে বাবে…