মাঘ বিহুলৈ সাজু সকলোঃ মুক্তি লাভ কৰিছে নীল আকাশৰ “বিহুৱান” য়ো-
অসমীয়াৰ প্ৰাণ, আদৰ তথা আৱেগৰ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিনৰ অপেক্ষা। প্ৰায় সকলো অসমীয়াই মাঘ বিহুৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। পিঠা-পনাৰ পৰা আৰম্ভ কৰি ভেলাঘৰ সজালৈ সকলো দিশতে ব্যস্ত এতিয়া অসমবাসী। জাতীয় স্বাভিমান বিহুৰ উচাহৰ বতৰত আভিযাত্যৰ দম্ভ স্বৰূপ হৈছে ভোগালী অৰ্থাৎ মাঘ বিহু। বিদ্বেষ, বৈৰিতা, বিভেদক একাষৰীয়া কৰি ভাতৃত্ববোধ, সমন্বয়, সদভাব, সম্প্ৰীতিৰ বোঁৱতী সুঁতিত সকলো মিলি সদভাৱ সংকল্প স্নান কৰে এই সময়ছোৱাত। বিহুৰ প্ৰাকক্ষণত অসমীয়া সংগীত ক্ষেত্ৰৰ সংগীত শিল্পী সকলো সাজু হৈ উঠিছে। অৱশ্যে সেয়া অকণ বেলেগ ধৰণেৰেহে। একোটা বিহু গীতৰ উপহাৰ প্ৰদান কৰিবলৈ সম্প্ৰতি ব্যস্ত হৈ উঠিছে অসমীয়া কণ্ঠশিল্পী সকল। কণ্ঠশিল্পী নীল আকাশ, যাৰ প্ৰতিটো গীতেই মন্ত্ৰমুগ্ধ কৰে শ্ৰোতাক। শেহতীয়াকৈ তেওঁৰ কণ্ঠৰে মুক্তি লাভ কৰা বিহুগীত “বিহুৱান” য়ে লাভ কৰিছে যথেষ্ট জনপ্ৰিয়তা। নীল আকাশৰ দীঘলীয়া অনুৰাগীৰ শাৰীও অৱশ্যে নুই কৰিব নোৱাৰি।
শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “বিহুৱান” গীতটিত কথা দিছে ৰমেন দানহে। গীতটিৰ প্ৰযোজনা প্ৰণৱ ফুকনৰ লগতে সংগীত দিছে উজ্জ্বল আৰঙে। গীতটিত সুৰ কৰিছে কুসুম কৈলাশৰ লগতে নীল আকাশে নিজেই। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে ইবচন লাল বৰুৱাই। নিজস্ব স্বকীয় কণ্ঠৰে মহিমামণ্ডিত নীল আকাশে সুকীয়া প্ৰতিভাৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈ আহিছে। তেওঁৰ প্ৰথমটো হিট গীত আছিল “শকুন্তলা”। তেওঁৰ “মাছলৈ গৈছিলোঁ”, “চুমা দিয়ানা”, আৰু “চেনীমাই” ইত্যাদি গীতো বৰ্তমানেও সমাদৰ লাভ কৰি আহিছে। সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ত নীল আকাশে কৃষ্ণমণি চুতীয়াৰ “ৰাংঢালী ” শীৰ্ষক বিহু এলবামটিৰ কেইবাটাও গীতত কণ্ঠ নিগৰাইছিল। তাৰ ভিতৰত এটি অন্যতম গীত আছিল “মাঘৰ বিহু আহিল” । উক্ত গীতটোৱে সংগীত প্ৰেমীৰ মাজত যথেষ্ট চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰিছিল।
বাৰু, আপোনালোকে নীল আকাশৰ বিহুৱান শুনিলেনে নাই? তলত লিংকটো দি দিয়া হৈছে: