Spread the love

বীৰাঙ্গনাৰ সতী সাধনীৰ জীৱন গাঁথা তথা ত্যাগৰ কাহিনীৰে বিশ্বজিৎ বৰাৰ “বীৰাঙ্গনা সাধনী” । চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী অৰ্থাৎ বীৰাঙ্গনা সতী সাধনীয়ে দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল। দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান কৰা বীৰাংগনা নাৰী সতী সাধনীক ৰাজ্যবাসীয়ে প্ৰতিটো ক্ষণত স্মৰণ কৰি আহিছে। এই গৰাকী বীৰাংগনাৰ স্মৃতিতেই গোলাঘাটৰ চেলেঙীত নিৰ্মাণ কৰা হৈছিল “বীৰাংগনা সাধনী কলাক্ষেত্ৰ” য়ো। অসমীয়া ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ থকা বীৰাঙ্গনা সকলৰ ভিতৰত অন্যতম হৈছে বীৰাঙ্গনা সতী সাধনী। এইগৰাকী বীৰাঙ্গনাৰ জীৱন গাঁথা তথা ত্যাগৰ কাহিনীৰে অসমীয়া চলচিত্ৰ ক্ষেত্ৰত নিৰ্মাণ হ’বলৈ সাজু হৈছে “বীৰাঙ্গনা সাধনী”। বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া এইগৰাকী বীৰাঙ্গনাৰ কাহিনীক ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ৰিয়ভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছে। তেখেতে তৃণমূল পৰ্যায়ৰ পৰা বীৰঙ্গনা সতী সাধনীৰ জীৱনৰ প্ৰতিটো বিষয়ক পুংখানুপুংখভাৱে হৃদয়ংগম কৰাৰ বাবে বিভিন্ন ধৰণে গৱেষণাও কৰিছে।

প্ৰায় ৮-১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ছবিখনত তিনিটা পৰ্যায়ত যুদ্ধৰ দৃশ্যাংশ থাকিব; গতিকে এনে যুদ্ধসমূহৰ বাবে এক উচ্চ পৰ্যায়ৰ দৃশ্যগ্ৰহণ তথা কাৰিকৰী দিশটোৰ ফালৰ পৰা জনসাধাৰণক এক সুন্দৰ সোৱাদ প্ৰদানৰ স্বাৰ্থত চিকুৱেল সমূহৰ বাবে হিন্দী তথা ইংৰাজী ছবিজগতৰ প্ৰতিভাসম্পন্ন টেকনিচিয়ান সকলক মতাই অনা হ’ব। উক্ত ছবিখনৰ পাণ্ডুলিপি খনো প্ৰস্তুত কৰিব হলীউডৰ মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত শিল্পীয়ে, যাৰ জৰিয়তে ছবিখনে সৰ্বভাৰতীয় পৰ্যায়ত ৰাইজক আকৰ্ষণ কৰাৰ লগতে অসমীয়া ইতিহাসৰ সেই গৌৰৱময় গাঁথাক উপলব্ধি কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে, এই ছবিখনৰ দুই মুখ্য চৰিত্ৰ ক্ৰমে “বীৰাঙ্গনা সাধনী” আৰু নীতিপাল” ৰ বাবে প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীৰ প্ৰয়োজন হৈছে। সেয়েহে, ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে অহা ২৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে জ্যোতিচিত্ৰবনস্থিত কিৰিপ চলিহা ভিডিঅ’ কনফাৰেন্স হলত অডিশ্বনৰ ব্যৱস্থা কৰিছে। এই অডিশ্বনৰ বিচাৰক হিচাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

সদৌ অসম চুতীয়া ছাত্র সন্থা,সদৌ চুতীয়া জাতি সন্মিলন,অসম,চুতীয়া যুৱ সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন,অসম ৰ সমূহীয়া প্রচেষ্টাত নিৰ্মাণ হ’বলগীয়া এই ছবিখন অহা ২০২৪ চনলৈ মুক্তি দিয়াৰ মানস কৰা হৈছে। “বীৰাঙ্গনা সাধনী” ৰ বাবে উৎসাহী অসমবাসী ৰাইজ।

Biswajeet Bora


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *