Spread the love

নতুন খবৰ, নতুন পৰিকল্পনা। আকৌ এবাৰ নৱপ্ৰজন্মৰ প্ৰয়াস, নতুনত্বৰ সুবাস। আমি কেইবাবাৰো উল্লেখ কৰিছোঁ নৱপ্ৰজন্মৰ প্ৰয়াসৰ বিষয়ে। তেওঁলোকৰ প্ৰচেষ্টাই আমাক বহু নতুন আৰু ব্যতিক্ৰমী প্ৰকল্প দিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ “বিছা” শীৰ্ষক ছবিখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰাৰ পিছতেই আকৌ এবাৰ দৰ্শক অপেক্ষাৰত হৈ পৰিছে। অসমীয়া চলচিত্ৰ ক্ষেত্ৰক লৈ চলি থকা আটাইবোৰ কুঁচকাৱাজৰ মাজতেই নৱপ্ৰজন্মৰ ফালৰ পৰা যেতিয়া এনে এক আকৰ্ষণীয় প্ৰয়াস দেখিবলৈ পোৱা যায় তেতিয়া প্ৰতিগৰাকী ব্যক্তি উৎসাহিত হোৱাটো স্বাভাৱিক।

তিনিজন ভিন্ন পৰিচালকৰ পৰিচালনাৰে নিৰ্মিত তিনিটা ভিন্ন কাহিনীৰ সমষ্টি হৈছে “বিছা”। এই তিনিটা কাহিনী হৈছে ক্ৰমে “হাঁচি, ইনচাইড আৰু মই মিথুন”। আনহাতে, কাহিনীসমূহৰ পৰিচালনাৰ দায়িত্ব আছে ক্ৰমে সপ্তৰ্ষি গগৈ, অজিত গিৰি আৰু মৃন্ময় শইকীয়া। প্ৰযোজনা কৰিছে ৰোহিত শৰ্মাই। ছবিখনত অভিনয়ো কৰিছে কেইবাগৰাকীও নৱপ্ৰজন্মৰ প্ৰতিভাই।

ছবিখনে আটাইকে আমোদ দিব, সেয়া স্পষ্ট হৈ পৰিছে ইয়াৰ ট্ৰেইলাৰৰ পৰা। ইয়াৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীক Jollywood Now ৰ তৰফৰ পৰা জনাইছো শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *