“Black N White” য়েও পাবনে একে সঁহাৰি? ছবিখনৰ প্ৰথমটো গীতে ইতিমধ্যে লাভ কৰিছে মুক্তিঃ
“ডক্তৰ বেজবৰুৱা ২” য়ে অসমীয়া চিনেমাত যি এক নতুন ঢৌৰ সৃষ্টি কৰিছে, সেয়া অনাগত দিনলৈ অব্যাহত থকাৰ আশা কৰিছে এতিয়া সকলোৱে । ২ দিনতেই কোটিৰ ঘৰ অতিক্ৰম কৰি অসমত “পাঠান” ৰ দৰে এখন বিগ বাজেট বলীউড ছবিক প্ৰত্যাহ্বান জনোৱাটো অৱশ্যেই সহজ কথা নহয় । ছবিখনৰ কাহিনীভাগ মজবুত হোৱাৰ লগতে অভিনেতা-অভিনেত্ৰী সকলে ইয়াৰ সুন্দৰকৈ উপস্থাপন কৰা বুলিও বহুতে মন্তব্য কৰিছে । সেয়া, এক কথাত ক’বলৈ গ’লে এখন সুন্দৰ ছবি উপভোগ কৰাৰ ক্ষেত্ৰত ৰাইজ সদায় উৎসাহী হৈ থাকে । আমি আজি আন এখন আহিবলগীয়া নতুন ছবিৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ । অহা ২৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি “Black N White” । ইতিমধ্যে ছবিখনৰ প্ৰথমটো গীত “কবিৰাজ” য়ে যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে । নৱপ্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাৱান শিল্পীৰ সংযোজনেৰে নিৰ্মিত এই ছবিখনক লৈ ৰাইজৰ লগতে আশাবাদী তেওঁলোকো ।
উক্ত ছবিখন অসমীয়াৰ লগতে হিন্দী সংস্কৰণটো মুক্তি লাভ কৰিব । চাচপেন্স এক্সন থ্ৰীলাৰৰ বিষয়বস্তুৰে নিৰ্মিত ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ । এই পৰিচালক গৰাকীৰ দ্বাৰা নিৰ্মিত আন এখন অসমীয়া ছবি “শব্দ নিশব্দ কোলাহল” য়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বহুকেইখন ছবি সমাৰোহত অংশগ্ৰহণ কৰি সমালোচক তথা ৰাইজৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনত তাৰকা অভিনেতা হিচাবে কিছু সময়ৰ বাবে দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক । ইয়াৰোপৰি, ইয়াত অভিনয় কৰিছে ক্ৰমে চিন্ময় কাকতি, ৰাজু ৰয়, অতনু মহন্ত, স্বাগতা ভৰালী, হিমাংশু গগৈ, দৰথী ভৰদ্বাজ, সিদ্ধাৰ্থ মুখাৰ্জী, চাংকু নিৰঞ্জন নাথ, প্ৰশান্ত কলিতা, জিত বৰুৱা, অপূৰ্ব বৰ্মন, গৌতম দাস আৰু অনুপম দত্তই । CND Production ৰ বেনাৰত নিৰ্মিত ছবিখনৰ চিনেমেটোগ্ৰাফীৰ দায়িত্বত আছে চন্দ্ৰ কুমাৰ দাস । সংগীত পল্লৱ তালুকদাৰৰ আৰু সংগীত ব্যৱস্থাপনা কৰিছে দেৱব্ৰত চলিহাই । ৰূপসজ্জা কৰিছে জয়শ্ৰী দাসে আৰু সম্পাদনা সীমান্ত দাসৰ ।
অহা ২৪ ফেব্ৰুৱাৰী মুক্তি পাবলগীয়া ছবিখনৰ বাবে সাজু হৈছে ছবিখনৰ সমগ্ৰ শিল্পী দল । “ডক্তৰ বেজবৰুৱা ২” ৰ দৰে এই ছবিখনে আগন্তুক দিনত সঁহাৰি লাভ কৰিবনে নাই সেয়াহে হ’ব লক্ষ্যণীয় ।