Spread the love

পুনৰ এবাৰ জনসাধাৰণক মনোৰঞ্জন দিবলৈ সাজু হৈছে এখন অসমীয়া ছবি “Black N White”। ছবিখনে মুক্তি লাভ কৰিব অহা বৰ্ষৰ অৰ্থাৎ ২০২৩ ৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে। অসমীয়া ছবি ক্ষেত্ৰখনত নতুনত্বৰ সূচনা হৈছে বুলি আমি একাষাৰে কৈ দিবলৈ সক্ষম হৈছোঁ। নহয়নে বাৰু? কিয়নো, একঘেয়ামীতাৰ সংগ এৰি সাম্প্ৰতিক সময়ছোৱাত ছবিসমূহৰ ব্যতিক্ৰমী কনচেপ্টে ছবিগৃহ সমূহত বহুল হাৰত দৰ্শকক টানিছে। আজি আপোনালোকক ক’বলৈ বিচৰা ছবিখন CND production ৰ বেনাৰত নিৰ্মিত। পৰিচালনা কৰিছে ধনজিৎ দাসে। পৰিচালক ধনজিৎ দাসৰ “শব্দ নিশব্দ কোলাহল” শীৰ্ষক ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন ছবি সমাৰোহত প্ৰশংসা লাভ কৰাৰ লগতে কাহিনীটোৱে সাৱলীলতাই দৰ্শককো মুগ্ধ কৰি তুলিছিল।

আহিবলগীয়া ছবি “Black N White” নামে এই ছবিখন হৈছে চাচপেন্স এক্সন থ্ৰীলাৰ। ছবিখন অসমীয়া ভাষাত মুক্তি লাভ কৰিব যদিও হিন্দী সংস্কৰণতো ছবিখনক ডাব কৰা হ’ব। ছবিখনে কি নতুনত্ব আনিব বুলি প্ৰশ্ন কৰিলে ক’ব পৰা যায় যে, এই ছবিখনৰ কাহিনীভাগত উঠা-নমা দেখিবলৈ পোৱা যাব। অভিনেতা-অভিনেত্ৰীৰ মনপুত অভিনয়ৰ মাজেৰে আগবঢ়া এই ছবিখনৰ প্ৰযোজনা কৰিছে ৰোহিত শৰ্মাই। পৰিচালনাৰ উপৰিও কাহিনীভাগ লিখিছে ধনজিৎ দাসে নিজেই। চিনেমেটোগ্ৰাফী চন্দ্ৰ কুমাৰ দাসৰ, সংগীত কৰিছে পল্লৱ তালুকদাৰে। লগতে, সংগীত ডিজাইন কৰিছে দেৱব্ৰত চলিহাই, ৰূপসজ্জা জয়শ্ৰী দাসৰ আৰু সম্পাদনা সীমান্ত দাসৰ।

ছবিখনত অভিনয় কৰিছে চিন্ময় কাকতি, ৰাজু ৰয়, অতনু মহন্ত, স্বাগতা ভৰালী, হিমাংশু গগৈ, দৰথী ভৰদ্বাজ, সিদ্ধাৰ্থ মুখাৰ্জী, চাংকু নিৰঞ্জন নাথ, প্ৰশান্ত কলিতা, জিত বৰুৱা, অপূৰ্ব বৰ্মন, গৌতম দাস আৰু অনুপম দত্তই। উল্লেখ্য যে, ছবিখনত তাৰকা অভিনেতা হিচাবে থাকিব ৰবি শৰ্মা। একেটা শাৰীতে শেহতীয়াকৈ বহু ছবিয়ে দৰ্শকৰ কাষ চাপিবলৈ প্ৰস্তুত হৈছে, অৱশ্যে এই ছবিসমূহে প্ৰতিদ্বন্দিতা কৰিছে বুলি নহয়। অসমীয়া ছবি ক্ষেত্ৰখনত ইখনৰ পিছত সিখন ছবিয়ে এনেদৰে মুক্তি লাভ কৰাৰ বিষয়টোৱে আমাক সময়ে সময়ে গৌৰৱান্বিত কৰি তোলে। নতুন প্ৰজন্মৰ পৰিচালক তথা অভিনেতা-অভিনেত্ৰী সকলৰ ক্ষেত্ৰখনৰ প্ৰতি থকা একাগ্ৰতাই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখন সমৃদ্ধ কৰিছে বুলি কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *