Spread the love

সমাগত ব’হাগ বিহু। মাজত আৰু কেইটামান দিনৰ অপেক্ষা। অসমৰ প্ৰতিগৰাকী কণ্ঠশিল্পী সাজু হৈছে ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান কৰিবলৈ, ইতিমধ্যে বিভিন্ন জনে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণে প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিহু কাষ চপাৰ সময়তেই জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা সাজু হৈছে নিজৰ এটি বিহু গীত “গাভৰু বিহু” ৰ সৈতে। আহিবলগীয়া বিহুগীতটিৰ পষ্টাৰ আৰু কেইটিমান ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে বৰ্ণালী কলিতাই। এই বিহুগীতটিত সংগীত কৰিছে অপূৰ্ব জানে আৰু শোণিত গগৈয়ে। ভিডিঅ’ পৰিচালনা কৰিছে শান্তুমণি শৰ্মাই। আনহাতে, পষ্টাৰ ডিজাইনৰ দায়িত্বত আছে ঋতুপৰ্ণ বৰা। গীতটিৰ ভিডিঅ’ত নৃত্য কৰিছে ক্ৰমে ৰ’জ বৰদলৈ, পূজা ডেকাৰাজা, চায়া ডেকা, ফাৰনাছ ভূঞা, অষ্ট্ৰিয়ান দিহিঙীয়া, দেৱীকা ৰাণী, ঋষিকা প’ল আৰু জুলিয়ান গগৈয়ে। বৰ্ণালী কলিতাৰ কণ্ঠৰে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “চেৰেককৈ বিজুলী” শীৰ্ষক গীতটিয়ে শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছিল।

কিয়নো, মুক্তিৰ কিছুদিন পিছতেই লাখৰ অংকত ভিউৱাৰচ লাভ কৰিছিল বৰ্ণালী কলিতাৰ উক্ত গীতটিয়ে। উল্লেখ্য যে, গাভৰু বিহু হৈছে মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু৷ ইয়াক জেং বিহু বা গছৰ তলৰ বিহু বুলিও কোৱা হয় ৷ এই বিহুত পুৰুষৰ প্ৰৱেশ নিষেধ থাকে লগতে ঢোল, পেপা, তাল, বাঁহী আদি কোনো বাদ্যৰ প্ৰয়োজন নাথাকে৷ হাতত টকা আৰু হাত চাপৰি বজাই মহিলা সকলে এই নৃত্য বৃত্তাকাৰে পৰিবেশন কৰে। এই বিহুত নাচনী সকলৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি প্ৰবাদ আছে। বৰ্ণালী কলিতাৰ আহিবলগীয়া গীতটিত তেওঁলোকে গাভৰু বিহুৰ বৈশিষ্ট্য সমূহ পালন কৰি ভিডিঅ’টো উপস্থাপন কৰিছে।

বৰ্ণালী কলিতাৰ অনুৰাগী সকল তেওঁৰ গীতসমূহৰ বাবে সদায় অপেক্ষাৰত হৈ থাকে। তেনেস্থলত, বিহুৰ প্ৰাকক্ষণত তেওঁৰ পৰা এটি সুন্দৰ বিহুগীত লাভ কৰি অনুৰাগী সকল আনন্দিত হৈ পৰিব বুলি আশা কৰিব পৰা যায়।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *