Spread the love

বৰেণ্যে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱন তথা শিল্পৰ পটভূমিত নিৰ্মিত “ব্ৰাছ ষ্ট্ৰ’ক” – পাৰ্থজিৎ বৰুৱাৰ পৰিচালনা…

এক বিশিষ্ট জীৱন শৈলী, চেতনাৰ সামগ্ৰিকতা, পৰ্যবেক্ষণৰ বহুমাত্ৰিকতা এই আটাইবোৰক লৈ সৃষ্টি হোৱা বৰেণ্যে চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱে ১৯৬০ দশকৰ পৰা অসমৰ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত অতুলনীয় অৱদান আগবঢ়াই আহিছে।

তেখেতৰ মৃত্যুৱে সমগ্ৰ অসমবাসীক শোকাহত কৰি তুলিছিল। শেহতীয়াকৈ তথ্যচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱন আৰু কলাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে “ব্ৰাছ ষ্ট্ৰ’ক”।

পাৰ্থজিৎ বৰুৱাৰ পৰিচালনা, প্ৰযোজনা তথা চিত্ৰনাট্যৰে নিৰ্মাণ হোৱা এই তথ্যচিত্ৰখনে সদ্যঘোষিত মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ আৰু পৰিচালক পাৰ্থজিতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। Jollywood Now ৰ তৰফৰ পৰা তেখেতলৈ যাচিছোঁ আন্তৰিক শুভকামনা…

Copyright: Jollywood Now


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *