“বীৰাঙ্গনা সাধনী” ৰ যো-জা চলিছে নিৰলসভাৱে। মুম্বাইতো চলিছে গীতৰ কাম। হিন্দীত এষাৰ কথা আছে “एक से बढ़कर एक”। “বীৰাঙ্গনা সাধনী” ৰ বাবে যি প্ৰস্তুতি চলিছে সেইবোৰে আমাক হিন্দীৰ উক্ত কথাষাৰলৈ মনত পেলাই দিছে।
এই ছবিখনৰ সংগীতৰ বাবে অংগৰাগ পাপন মহন্ত ব্যস্ত হৈ আছে মুম্বাইত। যাৰ কণ্ঠৰ গভীৰতাই শ্ৰোতাক আকৰ্ষণ কৰে সেইগৰাকীৰ কণ্ঠ আৰু সংগীতৰ যেতিয়া “বীৰাঙ্গনা সাধনী” ৰ সৈতে সংমিশ্ৰণ ঘটিব তেতিয়া আপোনালোকেটো জানেই কিহৰ সৃষ্টি হ’ব?