“চিকাৰ” ৰ নিৰ্মাতাগোষ্ঠীৰ আন এক ঘোষণাই চলচ্চিত্ৰপ্ৰেমী দৰ্শকক উৎসাহিত কৰিছে। ছবিগৃহত “চিকাৰ” উপভোগ কৰিবলৈ অহা দৰ্শকৰ ভিৰ আৰু ছবিখনৰ কিয়দংশত লাভ কৰা বিভিন্নতাই উক্ত ছবিখনৰ প্ৰতি দৰ্শকক আকৰ্ষিত কৰিছিল। এইবাৰ আকৌ এক নতুন বিষয়বস্তুৰে আহিবলৈ সাজু হৈছে বিগ ফিল্মচ মিডিয়া।
ভৌতিক শিহৰণকাৰী কাহিনীৰে নিৰ্মিত “মায়া ৮.৮” নামৰ ছবিখনৰ জৰিয়তে আহিব এই নিৰ্মাতাগোষ্ঠী। আগন্তুক ২০২৫ বৰ্ষৰ আৰম্ভণিতে ছবিখনৰ চিত্ৰগ্ৰহণ সমাপ্ত কৰাৰ লগতে এইবাৰো ছবিখনত সংযোজন ঘটিব কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰ। ছবিখন লিখিব বিষ্ণুজ্যোতি সন্দিকৈয়ে। লগতে সংগীত কৰিব জুবিন গাৰ্গে। এইবাৰ অৱশ্যে ছবিখনৰ মুখ্য চৰিত্ৰত জুবিন গাৰ্গ থাকিবনে নাই সেয়া স্পষ্টকৈ কোৱা হোৱা নাই।
“চিকাৰ” ৰ দৰেই এই ছবিখনৰো কাহিনী, সম্পাদনা আৰু পৰিচালনা কৰিব দেবাঙ্কৰ বৰগোঁহাইয়ে। প্ৰযোজনাৰ দায়িত্বত থাকিব চেম আৰু মিত্ৰা ভট্টাচাৰ্য।