আৰু কিমান দিনৰ অপেক্ষা? “জানমণি ২০২৩” আহিব নেকি চলিত বৰ্ষতেই?-
কিছুদিন পূৰ্বে NK production হাউচে তেওঁলোকৰ জনপ্ৰিয় ভিডিঅ’ ছবি “জানমণি” আৰু “অঞ্জনা” ক পুনৰ বাৰ অসমীয়া দৰ্শকৰ মাজলৈ লৈ অনাৰ বিষয়ে ৰাজহুৱাকৈ ঘোষণা কৰিছিল। নৱপ্ৰজন্মৰ আগ্ৰহী বিহু নচা যুৱতী সকলক তেওঁলোকৰ একোটা নচা ভিডিঅ’ প্ৰডাকচন হাউচটোলৈ প্ৰেৰণ কৰাৰ বাবেও আহ্বান জনাইছিল। NK production ৰ তৰফৰ পৰা হোৱা এই ঘোষণাটো ছ’চিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হৈ পৰাৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী দৰ্শক উৎসাহিতও হৈ পৰিছিল। আমি পূৰ্বেও কৈছোঁ, অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা প্ৰডাকচন হাউচ সমূহৰ ভিতৰত অন্যতম হৈছে NK production। যাৰ বিভিন্নটা প্ৰকল্পই আজি পৰ্যন্ত সম্ভ্ৰান্ত কৰি থৈছে আমাক, যাৰ চৰ্চা আজি পৰ্যন্ত হৈ আহিছে সচেতন মহলত। পুনৰ বাৰ এই বিশেষ উপাদান সমূহক লৈ সাজু হোৱা NK production হাউচে হয়টো চলিত বৰ্ষতেই মুকলি কৰিব নিজৰ নতুন প্ৰকল্পৰ।
আমি একাষাৰে স্পষ্টকৈ ক’ব নোৱাৰো যদিও নৃত্যশিল্পী উদয় শংকৰৰ এটি ভিডিঅ’ৰ জৰিয়তে আমি উক্ত কথাখিনিৰ উমান লগাব পাৰিছোঁ। “জানমণি” অথবা “অঞ্জনা” ৰ সৈতে জন্মলগ্নৰ পৰা জড়িত হৈ থকা কৰিঅ’গ্ৰাফাৰ উদয় শংকৰে শেহতীয়াকৈ আপলোড কৰা ভিডিঅ’টিৰ কেপচনত “জানমণি ২০২৩” বুলি লিখাৰ লগতে নৃত্যৰ ওপৰত চৰ্চা কৰি থকা যেন অনুভৱ হয়। যদি আমাৰ এই অনুমান শুদ্ধ হয় তেতিয়াহ’লে এয়া সঁচাকৈ সমগ্ৰ অসমবাসীৰ বাবেই এক সুখবৰ। কাৰণ এই ভিডিঅ’ ছবি সমূহৰ বাবে NK production য়ে যিমানদিনীয়া পৰিকল্পনা কৰিছে তাতকৈ অধিক অপেক্ষা কৰিছে অসমৰ দৰ্শক সমাজে। তাহানিৰ জানমণি, অঞ্জনাত থকা বিহু গীত সমূহ আজিও আমাৰ কাণত গুঞ্জৰিত হৈ আহিছে।
শেষত, আমি তেওঁলোকৰ এই পৰিকল্পনা সমূহৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। শীঘ্ৰে মুকলি হওঁক “জানমণি”, “অঞ্জনা”……