Spread the love

“চিলনী চোৰ” ৰ আগমন অহা ৩০ আগষ্টত!

অহা ৩০ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি “চিলনী চোৰ”। ইতিমধ্যে আপোনালোকলৈ ছবিখনৰ ট্ৰেইলাৰটো আগবঢ়াই দিয়া হৈছিল। ট্ৰেইলাৰটো দেখি বুজিব পৰা যায় যে “চিলনী চোৰ” হৈছে এখন বাস্তৱধৰ্মী ছবি। মহানগৰৰ দৰে এডোখৰ ঠাইলৈ আহি যুৱক-যুৱতীসকলে নিজৰ পোহপালনৰ স্বাৰ্থত সন্মুখীন হ’বলগীয়া কিছু পৰিস্থিতিক লৈয়ে নিৰ্মাণ কৰা হৈছে এই ছবিখনৰ কাহিনীভাগ। ছবিখনে বৰ্তমান সময়ৰ বিভিন্নজনৰ জীৱনশৈলীক প্ৰতিফলিত কৰিব বুলি আশা কৰিছে নিৰ্মাতাগোষ্ঠীয়ে।

ছবিখনৰ কাহিনীভাগত আপোনালোকে একচনো দেখিবলৈ পাব। প্ৰণৱজ্যোতি ভৰালীৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত “চিলনী চোৰ” ৰ প্ৰযোজনা কৰিছে পৰেশ বৰাই। আনহাতে, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে ডাঃ নয়নজ্যোতি তালুকদাৰ। প্ৰফুল্ল ৰাভাৰ দৃশ্যগ্ৰহণ আৰু ইয়াত সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহিৰ ভৈৰৱে। মুখ্য সহকাৰী পৰিচালনা কৰিছে ভৱেশ নাথে আৰু সহকাৰী পৰিচালক হিচাবে আছে পুলক শিৱম। ছবিখনত থকা একচনৰ পৰিচালনা প্ৰণৱ মেধিৰ।

ছবিখনত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া, জুলেন ভূঞা, নীলাক্ষী দেৱী, চাজু আহমেদ, প্ৰণৱ দত্ত, নীল তামুলী, কংকন দে, জ্যোতিষ্মান শৰ্মা, নিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ ভূঞা আৰু অনুপম শইকীয়াই। একচন থাকিলেও “চিলনী চোৰ” ত আপোনালোকে কমেডিৰো ৰস পাব।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *