একোখন ছবিৰ বাবে যেনেদৰে অপেক্ষাৰত দৰ্শক সকল। ঠিক তেনেদৰে একোখন চুটি ছবিয়েও দৰ্শকক সিমানেই আকৰ্ষিত কৰি ৰাখে। যুৱ পৰিচালক চিন্ময় বাৰ্মাই নিৰ্মাণ কৰা চুটি ছবিসমূহ ব্যতিক্ৰম। আমি ইয়াৰ প্ৰমাণ বহুবাৰ পাইছোঁ। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ চুটি ছবি “যখিনী” য়ে দৰ্শকৰ প্ৰশংসা তথা সমাদৰ বুটলিবলৈ সক্ষম হৈছে। আমাৰ মনৰ ভিতৰত “যখিনী” ক লৈ থকা ভয়ক একেবাৰতে মোহাৰি পেলাবলৈ সক্ষম হোৱা চিন্ময় বৰুৱা এই প্ৰয়াস সঁচাকৈ শলাগিবলগীয়া। যখিনী… এক ভয়, এক শংকাৰ নাম। কিন্তু এই ভয়-শংকা জানো সঁচাকৈ যুক্তিসংগত? যখিনী কোন অথবা কিহৰ বাবে যখিনীৰ সৃষ্টি সেই আটাইবোৰ কথা যেতিয়া জনসাধাৰণৰ বোধগম্য তেতিয়া নিশ্চিতভাৱে “যখিনী” ক লৈ আপোনাৰ মনত থকা প্ৰশ্নবোৰ আঁতৰ হ’ব।
চিন্ময় বাৰ্মাৰ চুটি ছবিখনো এনেধৰণৰেই এক প্ৰচেষ্টা, য’ত যখিনীৰ কাহিনীক সাৱলীলভাৱে উপস্থাপন কৰা হৈছে। গৰ্ভৰ পোহৰক ঋণাত্মক ছাঁয়াৰ পৰা আঁতৰাই ৰাখিবলৈ প্ৰভু শ্ৰীকৃষ্ণই সৃষ্টি কৰিছিল যখিনীক। দস্যু-দানৱ তথা নেতিবাচক যিকোনো শক্তিৰ সৈতে যুঁজি গৰ্ভত থকা শিশুটোক ৰক্ষা কৰিবলৈ জন্ম হৈছিল যখিনীৰ। চিন্ময় বাৰ্মাৰ চুটি ছবিখনত এই আটাইবোৰ কথাৰ উপস্থাপন দেখিবলৈ পাব আপুনি। এইখিনিতে আপোনালোকক কওঁ, এই চুটি ছবিখনত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰে অভিনয় লেখত ল’বলগীয়া। বিশেষকৈ, বেদব্ৰত বৰা… এই গৰাকী অভিনেতাক আপুনি কমেডি কৰা দেখিছে কিন্তু এইবাৰ তেওঁৰ অভিনয় উপভোগ কৰি আপুনিও আচৰিত হ’বলৈ বাধ্য হ’ব।
৪৬ মিনিট দৈৰ্ঘ্যৰ “যখিনী” Cloud Gazers Production House ৰ বেনাৰত নিৰ্মিত। আপোনালোকেও উপভোগ কৰক, সঁচাকৈ কৈছোঁ আপুনি নিৰাশ নহ’ব।